নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ জুলাই : আজি অনুষ্ঠিত হ’ব আই চি চি বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল। প্ৰথমখন বিশ্বকাপ ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ’ব নিউজিলেণ্ড । মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল ৷

উল্লেখযোগ্য যে বিশ্বকাপৰ পইন্টৰ তালিকাত প্ৰথম স্থান অধিকাৰ কৰি আহিছে ভাৰতে আৰু নিউজিলেণ্ডে চতুৰ্থ স্থান অধিকাৰ কৰি আহিছে ।

ভাৰতীয় সময় অনুসৰি ৩ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচ খন৷ভাৰতীয় অ’পেনাৰ ৰোহিত শৰ্মাৰ দুৰ্দান্ত ফৰ্মেৰে উজ্জীৱিত হৈ আছে ভাৰত দল । ইতিমধ্যে লীগ মেচত সুন্দৰ প্ৰদৰ্শন কৰিছে কোহলি বাহিনীয়ে ।

ইফালে ইংলেণ্ডৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজি ছেমিফাইনেল মেচখনত বৰষুণ দিয়াৰ সম্ভাৱনা আছে । যদিহে আজিৰ মেচ খনত বৰষুণ দিয়ে তেন্তে পইন্টৰ দিশৰ পৰা ভাৰতেই ফাইনেলত প্ৰবেশ কৰিব ।

২০১১ৰ বিশ্বকাপৰ পাছত ফাইনেলত পদাৰ্পনৰ বাবে আত্মবিশ্বাসী ভাৰতীয় দল । সুন্দৰ ফৰ্মত থকা দুয়োটা দলৰ ছেমি ফাইনেলৰ বাবে সকলো লোকেই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ।