ৰূপাংকৰ ভট্টাচাৰ্য
গুৱাহাটী : দীপৰ বিলৰ পাৰত বন বিভাগে উদযাপন কৰিলে ‘আজাদী কা অমৃত মহোৎসৱ’। পক্ষী অভয়াৰণ্য দীপৰ বিল সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে দীপৰ বিলৰ পাৰত উদযাপন কৰে ‘আজাদী কা অমৃত মহোৎসৱ’। ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি দীপৰ বিল সংৰক্ষণৰ বাবে বন বিভাগৰ সজাগতা অভিযান।

অসমৰ একমাত্ৰ ৰামছাৰ ছাইট পক্ষী অভয়াৰণ্য দীপৰ বিলৰ অস্তিত্ব সংকটত। দীপৰ বিলৰ ভূমি বেদখল আৰু প্ৰদূষণে দীপৰ বিলৰ অস্তিত্বৰ প্ৰতি কঢ়িয়াই আনিছে সংকট। বন বিভাগৰ লগতে বিভিন্ন চৰকাৰী-বেচৰকাৰী সন্থাই দীপৰ বিল সংৰক্ষণৰ বাবে দীর্ঘদিন ধৰি প্ৰচেষ্টা চলাই আহিছে যদিও সংকটমুক্ত হোৱা নাই দীপৰ বিলৰ অস্তিত্ব।

এইবাৰ দীপৰ বিল সংৰক্ষণৰ বাবে বন বিভাগে হাতত লৈছে এক বিশেষ কাৰ্যসূচী। দেশ স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে উদযাপন কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি বন বিভাগে দীপৰ বিল সংৰক্ষণৰ বাবে হাতত লৈছে বিশেষ কাৰ্যসূচী। দীপৰ বিল প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে দীপৰ বিল স্বচ্ছ কৰি ৰখাটো অতিকৈ প্ৰয়োজন।

সেইহে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখিয়ে বন বিভাগে দীপৰ বিলৰ পাৰত অনুষ্ঠিত কৰে এক সজাগতা সভা। সজাগতা সভাৰ লগতে বন বিভাগে দীপৰ বিলৰ পাৰত চলায় এক স্বচ্ছ অভিযান। দীপৰ বিলৰ পাৰত উপস্থিত হৈ ৰাজ্যৰ বন আৰু পৰিৱেশ সংৰক্ষণ মন্ত্ৰী পৰিমল শুক্ল্যবৈদ্যই এই স্বচ্ছ অভিযানত অংশগ্ৰহণ কৰে। মন্ত্ৰী গৰাকীয়ে শ্ৰমদান কৰি দীপৰ বিলত চলায় চাফাই অভিযান।

বন আৰু পৰিৱেশ সংৰক্ষণ মন্ত্ৰী পৰিমল শুক্ল্যবৈদ্যই বন বিভাগৰ লোক, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় নাগৰিকৰ লগত দীপৰ বিলৰ মেটেকা পৰিষ্কাৰ কৰে। দীপৰ বিলৰ পাৰলৈ অহা কটন বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলক দীপৰ বিল সংৰক্ষণ কৰিব বুলি সপত বাক্য পাঠ কৰায় বন বিভাগে। ইয়াৰ লগতে দীপৰ বিলত থকা পক্ষীসকল চিনাকি কৰোৱাই দিয়া হয় ছাত্ৰ-ছাত্ৰী সকলক।

ইফালে দীর্ঘদিন ধৰি দীপৰ বিলৰ পানী প্ৰদূষিত কৰা ড্ৰাম্পিং গ্ৰাউণ্ড সন্দৰ্ভত বন আৰু পৰিৱেশ সংৰক্ষণ মন্ত্ৰী পৰিমল শুক্ল্যবৈদ্যই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মন্ত্ৰী গৰাকীয়ে কয় যে দীপৰ বিলৰ পাৰত থকা ড্ৰাম্পিং গ্ৰাউণ্ডকলৈ ইতিমধ্যে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। দীপৰ বিলৰ পাৰত থকা ড্ৰাম্পিং গ্ৰাউণ্ড বৈজ্ঞানিক পদ্ধতিৰে বনোৱা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।