আজিজ আলী
মুকালমুৱা : ফুটবল খেল পথাৰত নাহিদ আফ্ৰিনৰ সংগীত অনুষ্ঠান। মুকালমুৱাৰ বামুনবড়ীত নৈশ ফুটবল খেলত জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰিনৰ সংগীতানুষ্ঠান। নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰীত মঙলবাৰ পৰা পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে নৈশ ফুটৱল প্ৰতিযোগিতা।

বামুনবড়ী মুলাঘাটা মিলন সংঘৰ উদ্যোগত বামুনবড়ী খেলপথাৰত অনুষ্ঠিত ফুটবল খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰিনে। নৈশ ফুটবল খেল প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলখন অনুষ্ঠিত হয় সোণাপুৰ স্পৰ্টচ ক্লাব আৰু আছাম ৱেৰীয়াৰ্ছ গুৱাহাটী দলৰ মাজত৷ ফ্লাড লাইটৰ তলত দুয়ো দলৰ খেলুৱৈৰ ভৰিৰ যাদু চাৱলৈ খেলপথাৰ ভৰি পৰে অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমী ৰাইজেৰে।

খেল উদ্বোধন হোৱাৰ পূৰ্বে নাহিদ আফ্ৰিনৰ সংগীতানুষ্ঠানে দৰ্শকক মুহিত কৰি তোলে। চাহজাহান আলী সভাপতিত্ব কৰা অনুষ্ঠানটো আঁত ধৰে উদ্যোগতা সমিতিৰ মুখ্য আহ্বায়ক ইউচুফ হুছেইন তালুকদাৰে। উল্লেখ্য যে অঞ্চলটোৰ প্ৰথমবাৰৰ বাবে নৈশ ফুটবল খেল অনুষ্ঠিত হোৱাত অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমী ৰাইজ উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা যায়।