নিউজ ডেস্ক, ৯ জানুৱাৰী, ২০২৪ : উত্তৰ গোৱাৰ কলংগুট অঞ্চলত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। কলংগুট অঞ্চলত এগৰাকী মাতৃয়ে নিজৰ চাৰি বছৰীয়া পুত্ৰক অতি নিৰ্মমভাৱে হত্যা কৰিছে (Mother Killed Son)। মহিলা গৰাকীৰ চাৰি বছৰীয়া পুত্ৰই যাতে পিতৃক লগ কৰিব নোৱাৰে ইয়াৰ বাবেই মহিলা গৰাকীয়ে এই ভয়ংকৰ অপৰাধ সংঘটিত কৰিছিল বুলি জানিব পৰা গৈছে। সোমবাৰে আৰক্ষীয়ে হত্যাৰ অভিযুক্ত মাতৃ গৰাকীক গ্ৰেপ্তাৰ কৰে। সুচানা ছেঠ নামৰ অভিযুক্ত মাতৃ গৰাকীয়ে বেংগালুৰুৰ এ আই ষ্টাৰ্টআপত চিইঅ’ হিচাপে কৰ্মৰত আছিল।

অভিযুক্ত মাতৃ গৰাকীয়ে প্ৰথমে গোৱাত চাৰি বছৰীয়া পুত্ৰক অতি নিৰ্মমভাৱে হত্যা কৰে আৰু তাৰ পিছত মৃতদেহটো বেগত ভৰাই বেংগালুৰুলৈ পলাই গৈ থকা অৱস্থাত আৰক্ষীয়ে অভিযুক্ত মাতৃ গৰাকীক গ্ৰেপ্তাৰ কৰে। কৰ্ণাটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পুত্ৰ হত্যাৰ অভিযুক্ত মাতৃ গৰাকীক। কৰ্ণাটক আৰক্ষীয়ে চিত্ৰদুৰ্গাত সুচানা ছেঠৰ বেগটো তালাচী চলাই মৃতদেহ উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰে। এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। হত্যাৰ অভিযুক্ত মাতৃ গৰাকীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। গোৱা আৰক্ষীৰ মতে, হত্যাৰ অভিযুক্ত মাতৃ গৰাকীয়ে এই ভয়ংকৰ অপৰাধ সংঘটিত কৰিছিল যাতে তেওঁৰ পুত্ৰই নিজ পিতৃক লগ কৰিব নোৱাৰে।

জানিব পৰা মতে পুত্ৰ হত্যাৰ অভিযুক্ত মহিলা গৰাকীয়ে ২০১০ চনত বিবাহপাশত আবদ্ধ হয়। অভিযুক্ত মহিলা গৰাকীয়ে ২০১৯ চনত সন্তান জন্ম দিছিল। অৱশ্যে স্বামীৰ সৈতে হোৱা বিবাদৰ পিছত ২০২০ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। সেই সময়ত আদালতে ৰায় দিছিল যে শিশুটিৰ পিতৃয়ে প্ৰতি দেওবাৰে শিশুটিক লগ কৰিব পাৰিব। এই কথাত সুচানা ছেঠ একেবাৰেই সুখী নাছিল। ৬ জানুৱাৰীত মহিলা গৰাকী পুত্ৰক লগত লৈ গোৱাত উপস্থিত হৈছিল। যিহেতু ৭ জানুৱাৰী দেওবাৰ আছিল, সেয়েহে পিতৃয়ে পুত্ৰক লগ কৰিব লাগিছিল যদিও তাৰ আগতে মহিলা গৰাকীয়ে হোটেলৰ কোঠাত পুত্ৰক নিৰ্মমভাৱে হত্যা কৰিছিল। আৰক্ষীৰ মতে, মহিলা গৰাকীয়ে চোকা অস্ত্ৰৰে পুত্ৰক হত্যা কৰি।

অপৰাধ সংঘটিত কৰাৰ পিছত মহিলা গৰাকীয়ে হোটেল মেনেজমেণ্টক বেংগালুৰুলৈ উভতি যাবলৈ টেক্সি বুকিং কৰিবলৈ কৈছিল। মহিলা গৰাকীয়ে হোটেল ত্যাগ কৰাৰ পিছত মহিলা গৰাকীৰ কোঠা চাফা কৰিবলৈ আহি হোটেলৰ কৰ্মচাৰীয়ে বিচনাখনত তেজৰ দাগ দেখা পায়। হোটেলৰ কৰ্মচাৰীয়ে সন্দেহ কৰিছিল যে ইয়াত কোনো বৃহৎ ঘটনা সংঘটিত হৈছে। ইয়াৰ পিছতে আৰক্ষীক এই বিষয়ে অৱগত কৰে হোটেল কৰ্মচাৰীয়ে। লগে লগে আৰক্ষীয়ে হোটেলত উপস্থিত হৈ চিচিটিভিৰ ফুটেজ স্কেন কৰিবলৈ আৰম্ভ কৰে। ফুটেজটো ভালদৰে পৰীক্ষা কৰাত ধৰা পৰে যে, মহিলা গৰাকী অকলে হোটেলৰ পৰা ওলাই আহিছে, আনহাতে পুত্ৰক মহিলা গৰাকীৰ লগত ক’তো দেখা পোৱা নগ’ল। লগে লগে আৰক্ষীয়ে কোনো বৃহৎ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে মহিলা গৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰে। কালাংগুটে থানাৰ বিষয়াই কয় যে, মহিলা গৰাকীৰ ওপৰত সন্দেহ প্ৰকাশ হোৱাত, আমি মহিলা গৰাকীৰ চালকজনক ফোন কৰি ওচৰৰ আৰক্ষী থানাত ৰিপৰ্ট কৰিবলৈ নিৰ্দেশ দিওঁ। ইয়াৰ পিছতে মহিলা গৰাকীক বেংগালুৰুলৈ লৈ যাওঁতে চালকজনে চিত্ৰদুৰ্গাৰ এখন থানাত বাহনখন ৰখাই এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। চিত্ৰদুৰ্গা আৰক্ষীয়ে যেতিয়া মহিলা গৰাকীৰ বেগটো তালাচী কৰিলে, তেতিয় বেগটোত মহিলা গৰাকীৰ পুত্ৰৰ মৃতদেহ উদ্ধাৰ হয়। ইফালে গোৱা আৰক্ষীৰ এটা দলে মহিলা গৰাকীক জিম্মাত ল’বলৈ কৰ্ণাটক অভিমুখে ৰাওনা হৈছে।