দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ দ্বীপচৰৰ ভাৰত-বাংলাদেশ সীমান্তত চাৰিটা গৰু জব্দ। মঙলবাৰে পুৱতি নিশা বিএছএফে দ্বীপচৰৰ ভাৰত-বাংলাদেশ সীমান্তত জব্দ কৰে গৰু চাৰিটা। গৰু সৰবৰাহকাৰীৰ দল গৰু এৰি সীমান্ত পৰা আঁতৰি যোৱাত বিএছএফৰ দলটোৱে গৰু সৰবৰাহকাৰীৰ দলটোক আটক কৰিবলৈ সক্ষম নহ’ল।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ দ্বীপচৰত বিএছএফ কেম্পৰ ৪৫ নং বিএছএফে পুৱতি নিশা প্ৰায় তিনি বজাত চাৰিটা গৰু জব্দ কৰে। জব্দ কৰা গৰু কেইটা চোৰাং গৰু সৰবৰাহকাৰীৰ দল এটাই কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাঁহৰ ঢেকিৰ সহযোগত বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ ধৰোতে টহলধাৰী বিএছএফে গৰু কেইটা জব্দ কৰে। বিএছএফ অহাৰ উমান পাই গৰু সৰবৰাহকাৰী দলটো ঘটনাস্থলীৰ পৰা আতৰি যায়।

উল্লেখ্য যে এসপ্তাহ পূৰ্বে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ৪৫ নং বিএন বিএছএফৰ নতুন কোম্পানী সীমান্তত যোগদান কৰিছে। ইয়াৰ পূ্ৰ্বে সীমান্তত ৬ নং বিএন বিএছএফৰ কোম্পানী আছিল। বিএছএফৰ নতুন কোম্পানীৰ সুযোগ লৈ গৰু সৰবৰাহকাৰী চক্ৰই নতুন নতুন কৌশলেৰে গৰু সৰবৰাহ কৰিবলৈ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত ৪৫ নং বেটেলিয়ান বিএছএফে অনাগত দিনত সীমান্তৰ এনে অপৰাধ কিদৰে নিয়ন্ত্ৰণলৈ আনে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।