মৰিগাঁও : মৰিগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা। তিনিজনকৈ যুৱকে হেৰুৱালে প্ৰাণ। দুজনৰ অৱস্থা অতিকৈ সংকটজনক। তীব্ৰ বেগী চাৰিচকীয়া বাহনে বিদ্যুৎ খুটাত খুন্দা মৰাত থিতাতে নিহত হয় দুজন যুৱক। এখন যুৱকৰ মৃত্যু হয় চিকিৎসালয়লৈ নিয়াৰ পথত।

সোমবাৰে নিশা প্ৰয়া ১১ বজাত মৰিগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় তিনিজনকৈ যুৱক। জাগীৰোডৰ পৰা জন্মদিনৰ পাৰ্টী খাই এখন চাৰিচকীয়া বাহনত পাঁচজন যুৱক মৰিগাঁও অভিমুখে গৈ থকা অৱস্থাত বহনখন দুৰ্ঘটনাত পতিত হৈ নিহত হয় তিনিজন যুৱক।

যুৱক পাঁচজন মৰিগাঁও অভিমুখে আহি থকা এমএল-০৮-চি-৮১৮৮ নম্বৰৰ আই২০ নম্বৰৰ বাহনখন বঘৰাৰ ঘুলিগাঁৱত এজন লোকৰ ঘৰৰ সন্মুখত থকা বিদ্যুৎ খুটাত তীব্ৰ বেগত খুন্দা মাৰি লোকজনৰ ঘৰৰ গেটত খুন্দা মাৰে। ফলত দুর্ঘটনাস্থলীত নিহত হয় দুজন যুৱক।

গুৰুত্বৰভাৱে আহত তিনিজন যুৱকক চিকিৎসালয়লৈ নিয়াৰ পথত এজন যুৱকৰ মৃত্যু হয়। নিহত যুৱক কেইজন মৰিগাঁওৰ মিলনপুৰৰ মহিবুৰ ৰহমান, হাবিজুল ইছলাম আৰু ছুৱোল আহমেদ বুলি জানিব পৰা গৈছে। আনহাতে আহত যুৱক দুজন হৈছে ঈশান আহমেদ আৰু ইক্ৰাম হুছেইন।