গুৱাহাটী : মহানগৰী গুৱাহাটীত আৰক্ষীৰ ব্যাপক অভিযান। ড্ৰাগছৰ বিৰুদ্ধে মহানগৰীত ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। এজনৰ পিছত আনজন ড্ৰাগছ ব্যৱসায়ী আৰু সৰবৰাহকাৰীক জালত পেলাইছে মহানগৰ আৰক্ষীয়ে। শুকুৰবাৰে নিশা পুনৰ চাৰিজন পৰে মহানগৰ আৰক্ষীৰ জালত।

ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে মহানগৰ আৰক্ষী। গুৱাহাটীৰ চুকে কোনে চলি থকা ড্ৰাগছৰ বেহা উৎখাত কৰিবলৈ বিগত কিছুদিন ধৰি মহানগৰ আৰক্ষীয়ে অভিযান অধিক তীব্রতৰ কৰি তুলিছে। প্ৰতিদিনে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ড্ৰাগৰ ড্ৰাগছ ব্যৱসায়ী আৰু সৰবৰাহকাৰীক।

শুকুৰবাৰে অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ এটা দলে সাউকুছিত এগৰাকী মহিলাৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছিল। মহিলা গৰাকীৰ ঘৰৰ পৰা এখন বিলাসী বাইকো জব্দ কৰিছিল অভিযানকাৰী দলটোৱে। ইয়াৰ পিছতে নিশাৰ ভাগত অন্য এক সাফল্য লাভ কৰে মহানগৰ আৰক্ষীয়ে।

চান্দমাৰী আৰু নুনমাটিত আৰক্ষীৰ এটা দলে নিশাৰ ভাগত ড্ৰাগছ বিৰোধী অভিযান চলাই চাৰিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। অভিযানকাৰী আৰক্ষীৰ দলটোৱে জায়নাল আলী, আলতাভ উদ্দীন লস্কৰ, অশোক ছেত্ৰী আৰু ৰাহুল দাস নামৰ চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক গুৱাহাটীৰ বিভিন্ন অঞ্চলত পৰা গ্ৰেপ্তাৰ কৰে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী চাৰিজনৰ কবলৰ পৰা আৰক্ষীৰ দলটোৱে ২৮ টাকৈ প্লাষ্টিকৰ কন্টেইনাৰত ২.৭৯ গ্ৰাম হেৰ’ইন, ২ টা এয়াৰ ৰাইফল আৰু ৭ টাকৈ মোবাইল ফোন জব্দ কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।