নগাঁও : চাকৰিৰ পৰা বৰ্খাস্ত কৰা গৃহৰক্ষী জোৱান ড্ৰাগছৰ ব্যৱসায়ী। ড্ৰাগছ আৰু সজীৱ গুলীসহ নগাঁও আৰক্ষীৰ জালত পৰিছে এজন গৃহৰক্ষী জোৱান। হোজাই জিলাৰ লংকাৰ শংকৰদেৱ নগৰ আৰক্ষী পহৰা চকীত নিয়োজিত আছিল গৃহৰক্ষী জোৱানজন। যোৱা ৩০ নৱেম্বৰত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল গৃহৰক্ষী জোৱানজনক।

নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এইবাৰ জালত পেলাবলৈ সক্ষম হৈছে ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত থকা এজন গৃহৰক্ষী জোৱানক। এক গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে নিশা প্ৰায় ১ বজাত বটদ্ৰৱাৰ ধনীয়াভেটিৰ চৌৰাপাৰাত অভিযান চলাই ড্ৰাগছসহ গৃহৰক্ষী জোৱান মজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে।

বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুমুদ গগৈৰ নেতৃত্বত চলা এই ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে মজিবুৰ ৰহমান নামৰ গৃহৰক্ষী জোৱানজনৰ কবলৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ১০ জাই সজীৱ গুলীও জব্দ কৰে। মজিবুৰ ৰহমান নামৰ গৃহৰক্ষী জোৱানজন ড্ৰাগছৰ অবৈধ বেহা চলাই থকা বুলি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিছিল।

আৰক্ষীয়ে মজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। মজিবুৰ ৰহমানক যোৱা ৩০ নৱেম্বৰত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। মজিবুৰ ৰহমান লংকাৰ শংকৰদেৱ নগৰ আৰক্ষী পহৰা চকীত গৃহৰক্ষী জোৱান হিচাপে
নিয়োজিত আছিল।