গুৱাহাটী : পলিকন গ্ৰুপৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ (Free Health Camp)। মহানগৰৰ সমীপৱৰ্তী আমিনগাঁৱৰ এক্সপ’ৰ্ট প্ৰমোচনেল ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক (ইপিআইপি) চৌহদত অৱস্থিত পলিকন গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰীজৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়।

মাৰোৱাৰী হাস্পতালৰ সহযোগত আয়োজিত এই শিবিৰত উক্ত অঞ্চলৰ ৩০০ ৰো অধিক লোকক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি উপযুক্ত পৰামৰ্শ প্ৰদান কৰা হয়। এই সময়ত পলিকন গ্ৰুপৰ দ্বাৰা আৰ্তজনৰ মাজত বিনামূলীয়া ঔষধো বিতৰণ কৰা হয়। এই শিবিৰত ই এন টি, ফিজিঅ’থেৰাপি, ব্লাড গ্ৰুপ, ব্লাড চুগাৰ, ব্লাড চাপকে ধৰি সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল।

স্থানীয় ৰাইজে কয় যে সময়ে সময়ে স্বাস্থ্য শিবিৰৰ বাহিৰেও ওপৰোক্ত অঞ্চলত পলিকন গ্ৰুপৰ দ্বাৰা বিভিন্ন ধৰণৰ সহযোগিতা আগবঢ়োৱা হয়। উল্লেখযোগ্য যে পলিকন গ্ৰুপে দীৰ্ঘদিন ধৰি অঞ্চলটোত ব্যৱসায়ৰ সমান্তৰালকৈ সামাজিক দায়বদ্ধতাও পালন কৰি আহিছে। শিবিৰটো সফল কৰি তোলাত মাৰোৱাৰী হাস্পতালৰ চিকিৎসকৰ লগতে গোটেই দলটোৱে পূৰ্ণ সহযোগিতা আগবঢ়াইছিল।