জাগীৰােড, ২৭ জুনঃ জাগীৰােডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ উদ্যোগত গাে-সম্পদৰ পঞ্জীয়ন, প্রতিষেধক আৰু পেলু নিৰ্মূলকৰণ উদ্যমৰ মুকলি কৰা হয়৷ আধুনিক প্রযুক্তি পদ্ধতিৰে গাে-সংখ্যা গণনা আৰু প্রতিপালন কৰাৰ উদ্দেশ্য আগত ৰাখি এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এই উপলক্ষে সমবায় সমিতিখনৰ অধীনৰ গাে-পালক সকলৰ ঘৰে ঘৰে গৈ গাে-সম্পদ সমূহক পঞ্জীয়ন আৰু বিনামূলীয়াকৈ প্ৰতিষেধক দিয়া হয়। জাগীৰোড সমষ্টিৰ অন্তর্গত গোভা, দেওঁশাল, বাঘজাপ, পালিগুৰী আৰু নেলীৰ পাঁচটা পঞ্চায়ত সামৰি লোৱা উক্ত কাৰ্যসূচীত কৃষকৰ কল্যানৰ বাবে সীতা জখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে চলিত বৰ্ষত ১০- ১২ লাখ টকা বাজেট ধাৰ্য্য কৰিছে। সমিতিখনে সমূহ উন্নয়ন সংৰচনাৰ সমন্বিত কৃষিৰ জৰিয়তে দহ হাজাৰ নিয়ােগ সৃষ্টিৰ লগতে চলিত বৰ্ষত অগ্রগামী পৰিযোজনা হিচাপে এহেজাৰ নতুন মহিলা উপান্ত খেতিয়কৰ বাবে বর্ণসংকৰ গাই আৰু গাহৰি পালনৰ জৰিয়তে নিয়ােগ সৃষ্টিৰ লক্ষ্য ধার্য কৰা হৈছে। উল্লেখ্য যে, জাগীৰােডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ এই প্রচেষ্টাই ৰাজ্যৰ নিৱনুৱা সমস্যা সমাধানত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব বুলি আশা কৰা হৈছে ।