গুৱাহাটী, ২৭ জুনঃ মহানগৰীৰ খাৰঘুলি উন্নয়ন সমিতিৰ প্ৰাঙ্গনত সাংস্কৃতিক গোষ্ঠী আল্পনাৰ উদ্যোগত এখনি গ্ৰীষ্মকালীন লোকসঙ্গীত কৰ্মশালাৰ আয়োজন কৰা হৈছে৷ অহা ৪ জুলাইৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে কৰ্মশালাখন আয়োজন কৰা হৈছে৷ কৰ্মশালাত লোকসঙ্গীত সাধক খগেন গগৈ, দুলাল মানকি, মনোজ শৰ্মা, হিৰক জ্যোতি শৰ্মা, সুনীল ৰাজবংশী আৰু পল্লবী শৰ্মা প্ৰশিক্ষক হিচাপে উপস্থিত থাকি বিহুগীত, টোকাৰী গীত, ঝুমাইৰ গীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, নাগাৰা নাম, বিয়া গীত, হোলী গীত, বাউল গীতকে ধৰি বিভিন্ন লোকবাদ্যৰ প্ৰশিক্ষণ দিব৷ কৰ্মশালাখন বিয়লি ৩ বজাৰ পৰা ৭ বজালৈ অনুষ্ঠিত হ’ব৷ ইচ্ছুক ব্যক্তিয়ে ৯৮৬৪৪ ৫৯৬৫৯ আৰু ৮৮৭৬৯ ৩৫৫৮৭ নম্বৰত যোগাযোগ কৰি কৰ্মশালাত নামভৰ্ত্তি কৰিব পাৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে৷ উল্লেখ্য যে, সাংস্কৃতিক গোষ্ঠী আল্পনাই বিগত সাত বছৰত অসমৰ বিভিন্ন ঠাইত কৰ্মশালাৰ আয়োজন কৰি বিপুল সমাদৰ লাভ কৰিছে৷