চৰাইদেউ, ২৭ জুনঃ চৰাইদেউৰ সোণাৰি ৰাজহুৱা খেলপথাৰত প্ৰধানমন্ত্ৰীৰ উজ্জলা যোজনাৰ মুকলি কৰা হয়৷ সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকন, জিলা আৰক্ষী অধীক্ষক জিৎমল দ’লে, আইঅজিচিএলকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰধানমন্ত্ৰীৰ উজ্জলা যোজনাৰ অধীনত হিতাধীকাৰীক ৰন্ধন গেছ সংযোজন প্ৰদান কৰা হয়। উল্লেখ্য যে, গ্রামাঞ্চলত বসবাস কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্রহণ কৰা আঁচনি সমূহৰ ভিতৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ উজ্জলা যোজনা অন্যতম৷  দেশৰ বুজন সংখ্যক পৰিয়ালে ৰন্ধা-বঢ়াৰ বাবে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক পৰম্পৰাগত খৰি ইত্যাদি ব্যৱহাৰ কৰি আহিছে। এই ইন্ধনসমূহৰ পৰা অস্বাস্থ্যকৰ ধোঁৱা উৎপন্ন হয় আৰু ৰান্ধনি বিশেষকৈ মহিলা আৰু শিশুসকলৰ বিভিন্ন স্বাস্থ্যজনিত ৰোগৰ সৃষ্টি কৰে। সেয়ে এই আঁচনিৰ দ্বাৰা প্রত্যেকটাে দৰিদ্ৰতা সীমাৰেখাৰ তলৰ পৰিয়ালক বিনামূলীয়াকৈ ৰন্ধন গেছৰ যোগান ধৰি স্বাস্থ্যসন্মত জীৱন-ধাৰাৰে আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে।