আজিজ আলী

মুকালমুৱা : জুৱাৰ আড্ডাৰ পৰা জব্দ ১ লাখ ৬১ হাজাৰ টকা। আৰক্ষীৰ অভিযানত আটক পাঁচ জুৱাৰী। ঘগ্ৰাপাৰত জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰে। দীপাৱালী উপলক্ষে এখন ফাৰ্ম হাউচত দিনে-নিশাই চলিছিল জুৱা খেল।

পোহৰৰ উৎসৱ দীপাৱালী উপলক্ষে একাংশ লোকে জুৱাৰ আড্ডা চলাই থকা পৰিলক্ষিত হৈছে। ৰাজ্যৰ চুকে কোণে একাংশ জুৱাৰীয়ে লাখ লাখ টকাৰ জুৱা খেল চলাই আছে। দীপাৱলীৰ উখল মাখল পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে নিশা নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে অভিযান চলায়।

ঘগ্ৰাপাৰ আৰক্ষীয়ে নিলপুৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাই পাঁচজনকৈ জুৱাৰীক আটক কৰাৰ লগতে জুৱাৰ আড্ডাৰ পৰা নগদ ১ লাখ ৬১ হেজাৰ টকা জব্দ কৰে। আটকাধীন জুৱাৰী কেইজন হৈছে বিমল কলিতা, অমৃত বড়ো, নৱ কলিতা, হাচেন আলী আৰু জাহেৰ আলী। ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত নিলপুৰ ফাৰ্ম হাউচত অভিযান চলাই আৰক্ষীয়ে জুৱাৰী কেইজনক আটক কৰে।

নিলপুৰ ফাৰ্ম হাউচত দিনৰ ভাগৰে পৰা এটা বৃহৎ জুৱাৰ আড্ডা চলি থকা বুলি এক গোপন তথ্য লাভ কৰি ঘগ্ৰাপাৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই জুৱাৰী কেইজনক আটক কৰে। আটকাধীন জুৱাৰী কেইজনৰ বিৰূদ্ধে ঘগ্ৰাপাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি নলবাৰী আদালত হাজিৰ কৰে।