গুৱাহাটী : আদালতত দাখিল কৰা হ’ল ৰাজকন্যা বৰুৱাৰ গোচৰৰ চাৰ্জশ্বিট। দিছপুৰ আৰক্ষীয়ে শুকুৰবাৰে আদালতত দাখিল কৰে ৰাজকন্যা বৰুৱাই সুৰাৰ ৰাগীত সংঘটিত কৰা দুর্ঘটনাৰ চাৰ্জশ্বিট। কিন্তু চাৰ্জশ্বিটত আৰক্ষীয়ে উল্লেখ্য নকৰিলে বিলাসী হোটেল তাজ ভিভান্তা আৰু পংকজ সাধনিদাৰৰ নাম।

ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা ৰাজকন্যা বৰুৱাই সুৰাৰ ৰাগীত সংঘটিত কৰা পথ দুর্ঘটনাৰ গোচৰৰ চাৰ্জশ্বিটত অৱশেষত আৰক্ষীয়ে শুকুৰবাৰে আদালতত দাখিল কৰে। দিছপুৰ আৰক্ষীয়ে আদালতত ৰাজকন্যা বৰুৱাৰ গোচৰৰ ডেৰ পৃষ্ঠাৰ চাৰ্জশ্বিট আদালতত দাখিল কৰে। দিছপুৰ আৰক্ষীৰ চাৰ্জশ্বিটত কিন্তু বিলাসী হোটেল তাজ ভিভান্তা আৰু পংকজ সাধনিদাৰৰ নাম উল্লেখ নাছিল।

উল্লেখ্য যে যোৱা ১ অক্টোবৰৰ নিশা ৰাজকন্যা বৰুৱাই সুৰাৰ ৰাগীত মাতাল লৈ খানাপাৰাৰ ফলৰ পৰা গাড়ী চলাই আহি থকা অৱস্থাত ৰুক্মিণীগাঁৱত পথ নিৰ্মাণৰ কাম কৰি থকা ৮ জনকৈ শ্ৰমিকক মহতিয়াই নিছিল। এই দুৰ্ঘটনাত ৮ জন শ্ৰমিকৰ লগতে অন্য এজন লোকো আহত হৈছিল। এই লোকজনৰ এখন ভৰি দুর্ঘটনাস্থলীতে ছিঙি গৈছিল আৰু অন্য এখন ভৰি চিকিৎসালয়ত কাটি পেলাব লগীয়া হৈছিল।

সুৰাৰ ৰাগীত এই ভয়াবহ পথ দুর্ঘটনা সংঘটিত কৰাৰ পিছতো ৰাজকন্যা বৰুৱাই ২৪ ঘন্টাৰ ভিতৰত জামিন লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে ৰাজকন্যা বৰুৱাৰ জামিন লাভকলৈ সংবাদ মাধ্যমে ধাৰাবাহিক বাতৰি পৰিবেশন কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ তদন্তন নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে দিছপুৰ থানাৰ দুজন আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰি পথ দুর্ঘটনাৰ তদন্ত পুনৰ আৰম্ভ কৰি ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছিল।

ৰাজকন্যা বৰুৱাক পুনৰ গ্ৰেপ্তাৰ কৰাৰ মাজৰ সময়ছোৱাত আছিল আৰু বহু ঘটনা। জামিন লাভ কৰাৰ পিছত ৰাজকন্যা বৰুৱাই জি এন আৰ চি হাস্পতালৰ ছেমি আই চি ইউত ভৰ্তি হৈছিল। নিজকে অসুস্থ বুলি দেখুৱাই ৰাজকন্যা বৰুৱাই গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা চলাইছিল যদিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে গঠন কৰি দিয়া মেডিকেল বৰ্ডে জি এন আৰ চি হাস্পতালত উপস্থিত হৈ ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিছিল।

মেডিকেল বৰ্ডৰ প্ৰতিবেদনৰ কিছু সময় পিছতে আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে আদালতে ৰাজকন্যা বৰুৱাক কাৰাগাৰলৈ প্ৰেৰণ কৰে। ইফালে ৰাজকন্যা বৰুৱাক ছেমি আই চি ইউত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰাৰ বাবে জি এন আৰ চি হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক নভনীল বৰুৱাক আৰক্ষীয়ে জেৰা চলাই গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে চিকিৎসক গৰাকী লগে লগে জামিন লাভ কৰিছিল।

ইয়াৰ পিছত ক’ভিড সম্পৰ্কীয় নীতি নিৰ্দেশনা ভংগ কৰি নিশালৈকে পাৰ্টি চলোৱাৰ বাবে বিলাসী হোটেল তাজ ভিভান্তাৰ কৰ্তৃপক্ষক আৰক্ষীয়ে কাৰণদৰ্শোৱাৰ জাননী জাৰি কৰিছিল। আৰক্ষীয়ে লগতে পাৰ্টিৰ আয়োজন কৰা ঠিকাদাৰ পংকজ সাধনিদাৰকো দিছপুৰ থানাত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিছিল। কভিড নীতি নিৰ্দেশনা ভংগ কৰি পাৰ্টিৰ আয়োজন কৰাৰ সকলো দৃশ্য চিচিটিভি কেমেৰাৰ ফুটেজত ধৰা পৰিছিল।