গুৱাহাটী : পুনৰ এক লোহমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে মহানগৰীত। মালিগাঁৱত এজন চকীদাৰক নিশা হত্যা কৰে দুৰ্বৃত্তই। হত্যাকাণ্ডৰ দৃশ্য চিচি টিভি কেমেৰাত আৱদ্ধ। ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। 

মহানগৰী গুৱাহাটীত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনীত ঘটনা। বিগত কিছুদিন ধৰি মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনা। এটাৰ পিছত আনটো হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে মহানগৰী গুৱাহাটী।

পুনৰ এক লোহমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে মহানগৰীৰ মালিগাঁৱত। দীপাৱালীৰ আনন্দৰ মাজতে শুকুৰবাৰে নিশা এজন লোকক কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰা হয় মালিগাঁৱত। মালিগাঁৱৰ বিপুল কমপ্লেক্সৰ চকীদাৰক দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰে।

তৰুণ ডেকা নামৰ নৈশ চকীদাৰজনক দুৰ্বৃত্তই কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰে। জালুকবাৰী থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত সংঘটিত হোৱা এই হত্যাকাণ্ডৰ ঘটনা চিচি টিভি কেমেৰাত বন্দী হৈছে। নিশাৰ ভাগত এজন দুৰ্বৃত্তই। হাতত কাঠৰ বাটাম লৈ বিপুল কমপ্লেক্সত প্ৰৱেশ কৰি চকীদাৰ তৰুণ ডেকাক আক্ৰমণ কৰা দৃশ্য বন্দী হৈছে চিচি টিভি কেমেৰাত।

নিহত তৰুণ ডেকাৰ ঘৰ মঙলদৈত বুলি জানিব পৰা গৈছে। কৰ্মসূত্ৰে তৰুণ ডেকা মালিগাঁৱত ভাড়া ঘৰত আছিল। হত্যাকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।