আজিজ আলী

মুকালমুৱা : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত জাগৰা মুকালমুৱাৰ মাজমজিয়াত থকা কুটনিকুছিত গংগা-যমুনা ৰিজৰ্টৰ আৰম্ভণি কৰে কাৰিকৰী অভিযন্তা তথা ৰিজৰ্টৰ স্বত্বাধিকাৰী ভূপেন তালুকদাৰে। দুই পুত্ৰ ক্ৰমে ডিম্পুৰাজ তালুকদাৰ আৰু দেৱৰাজ তালুকদাৰৰ পৰিকল্পনাৰে ভূপেন তালুকদাৰে আৰম্ভণি কৰে ৰিজৰ্টখনৰ।

ৰিজৰ্টোখনৰ শুভ উদ্বোধন কৰে নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকনে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, মীন বিভাগৰ নলবাৰী জিলাৰ জিলা মীন বিষয়াৰ লগতে জেষ্ঠ সাংবাদিক ৰাজেন ডেকা, আব্দুল মজিদৰ লগতে কেইগৰাকী ব্যক্তি। স্বত্বাধিকাৰী ভূপেন তালুকদাৰৰ অভিযন্তা পুত্ৰই জানিবলৈ দিয়ে যে আমি উচ্চ শিক্ষিত হৈ চাকৰিৰ পিছত দৌৰিব নালাগে।

নিজে স্বাৱলম্বী হোৱাৰ লগতে প্ৰকৃতিৰ কথা চিন্তা কৰি এই ৰিজৰ্টখনৰ আৰম্ভণি কৰে বুলি তেওঁ কয়। বৰ্তমানলৈকে ২৫ হাজাৰতকৈ অধিক গছ-গছনিৰ লগতে বিভিন্ন প্ৰজাতিৰ মৎস্য পালন কৰাৰ লগতে ৰাইজক এক সুস্থ, ধুনীয়া প্ৰকৃতিৰ নান্দনিক পৰিৱেশ এটা ৰিজৰ্টখনত যাতে দিব পাৰে তাৰ বাবে চেষ্টা কৰি থকা বুলি জানিবলৈ দিয়ে তেওঁ।