নিউজ ডেস্ক : আগন্তক উপ-নিৰ্বাচনৰ বাবে ইউপিপিএলে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। ইউপিপিএলে দুই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে। গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কিৰলে ইউপিপিএলে। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে টুইটাৰযোগে প্ৰাৰ্থীৰ তালিকাৰ ফটো শ্বেয়াৰ কৰিছে।

অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ পাঁচটাকৈ সমষ্টিত উপ-নিৰ্বাচন। পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে। ৰাজনৈতিক দল সমূহে এই পাঁচটা সমষ্টিত উপযুক্ত প্ৰাৰ্থীক টিকট প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰাৰ্থীৰ নিৰ্বাচন আৰম্ভ কৰিছে।

ইয়াৰ মাজতে ইউপিপিএলে বিটিআৰত থকা দুই সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। উপ-নিৰ্বাচনৰ বাবে ২৮ নং গোসাইগাঁও আৰু ৫৮ নং তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ইউপিপিএল দলে। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে টুইটাৰযোগে প্ৰাৰ্থীৰ তালিকাৰ ফটো শ্বেয়াৰ কৰিছে।

টুইটাৰযোগে প্ৰমোদ বড়োৱে শ্বেয়াৰ কৰা প্ৰাৰ্থী দুজন হৈছে ক্ৰমে জিৰণ বসুমতাৰী আৰু জোলেন দৈমাৰী। ইয়াৰে গোসাইগাঁও সমষ্টিত জিৰণ বসুমতাৰী আৰু তামুলপুৰ সমষ্টিত জোলেন দৈমাৰীয়ে ইউপিপিএল দলৰ টিকটত উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব। বিজেপিয়ে উপ-নিৰ্বাচনৰ বাবে সমষ্টি দুটা ইউপিপিএলক এৰি দিয়াৰ ঘোষণা কৰিছিল।

উল্লেখ্য যে থাওৰা, মৰিয়ানি, ভৱানীপুৰ, গোঁসাইগাঁও আৰু তামুলপুৰ এই পাঁচটা সমষ্টিত অহা ৩০ অক্টোবৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। থাওৰা আৰু মৰিয়ানিৰ কংগ্ৰেছ দলৰ বিধায়ক দুজনৰ লগতে ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়কে বিজেপিত যোগদান কৰাত এই সমষ্টি দুটাত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে গোঁসাইগাঁও আৰু তামুলপুৰৰ বিধায়ক দুজনৰ দেহাৱসান ঘটাৰ বাবে এই সমষ্টি দুটাত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।