যোৰাবাট : ড্ৰাগছৰ লগতে অন্যান্য নিচাজাতীয়া সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ ধাৰাবাহিক অভিযান। ৰাজ্যত প্ৰতিদিনে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ হৈছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। অসম আৰক্ষীয়ে ড্ৰাগছৰ লগতে অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধেও জেহাদ ঘোষণা কৰি অভিযান চলাই আছে।

বিগত সময়ছোৱাত বিভিন্ন চৰাঞ্চলত আৰক্ষীয়ে বিঘাই বিঘা গাঞ্জা খেতি বিনষ্ট কৰিছে। গাঞ্জা খেতি বিনষ্টকৰণৰ লগতে আৰক্ষীয়ে গাঞ্জাৰ বেহাৰ লগত জড়িত থকা লোক সকলৰ বিৰুদ্ধেও কঠোৰ হৈ উঠা পৰিলক্ষিত হৈছে। ইতিমধ্যে বহু গাঞ্জা ব্যৱসায়ী আৰক্ষীৰ জালত পৰিছে।

অসম আৰক্ষীৰ নিচাজাতীয়া সামগ্ৰীৰ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে মঙলবাৰে মহানগৰীৰ যোৰবাট আৰক্ষীয়ে এক গাঞ্জা বিৰোধী অভিযান চলাই ১১ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। যোৰাবাটৰ শংকৰ নগৰ পাহাৰত আৰক্ষীয়ে অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত গাঞ্জাখিনি জব্দ কৰে।

এক গোপন খবৰৰ ভিত্তিত যোৰাবাট আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৰাবাট আৰক্ষীৰ এটা দলে অভিযান চলাই মাটি খান্দি গাঞ্জাখিনি জব্দ কৰে। অৱশ্যে এই সন্দৰ্ভত বর্তমানলৈকে কোনো লোকে আটক হোৱা নাই। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।