আজিজ আলী
মুকালমুৱা : মুকালমুৱাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ। সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তীক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট। বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কৰ্মচাৰী সকলৰ ধৰ্মঘট৷ কৰ্মচাৰী সকলৰ প্ৰতিবাদত অচল গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজ।

চাকৰি নিয়মীয়াকৰণ, চাকৰিৰ ম্যাদ ৬০ বছৰলৈ বৃদ্ধি কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা ঠিকাভিত্তীক কৰ্মচাৰীক প্ৰদান কৰা ইত্যাদি বিভিন্ন দাবীৰে কৰ্মচাৰী সকলৰ অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰে। সৰ্বানন্দ সোণোৱাল চৰকাৰে কেবিনেটত লোৱা সিদ্ধান্ত কাৰ্যকৰি নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদী ঠিকাভিত্তীক কৰ্মচাৰী সকলে।

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কেবিনেটে পঞ্চায়ত আৰু গ্ৰামোন্নয় বিভাগত ১০ বছৰে ঠিকাভিত্তীকভাৱে কাম কৰা কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ বাবে লোৱা সিদ্ধান্ত কাৰ্যকৰী নকৰাৰো অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে। বিজেপি চৰকাৰে কৰ্মচাৰী সকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী ঠিকাভিত্তীক কৰ্মচাৰী সকলে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জিআৰএছ, কম্পিউটাৰ সহায়ক, গাঁও পঞ্চায়ত সমন্নয়ক, গাণনিক সহায়ক, স্বীকৃতিপ্ৰাপ্ত অভিযন্তা সকলে কৰ্ম বিৰতিৰ ফলত বৰক্ষেত্ৰীৰ ১২ খন পঞ্চায়তত কাম-কাজ অচল হৈ পৰে। প্ৰতিবাদকাৰী ঠিকাভিত্তীক কৰ্মচাৰী সকলে তেওঁলোকৰ দাবী অতি শীঘ্ৰে মানি নললে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।