কলগাছিয়া ২৩ আগষ্টঃ বানপানীৰ পিছত জনিয়াত আৰম্ভ হৈছে বেঁকী নৈৰ প্ৰৱল গৰাখহনীয়া। নৈৰ খহনীয়া কালৰূপ ধাৰণ কৰি কাছুকাটিত বিগত এসপ্তাহত উছন কৰিলে ৬০ পৰিয়ালৰ ভেটি মাটি আৰু খেতি পথাৰ। গৰাখহনীয়াৰ কৱলত পৰিছে কাছুকাটি প্ৰাথমিক বিদ্যালয়ো। খহনীয়াত ইতিমধ্যে কেবাবাৰ বিদ্যালয় স্থানান্তৰ কৰাৰ পিছত পুনৰ বিদ্যালয়খন গৰাখহনীয়াৰ কৱলত পৰাত জনতা আৰু শিক্ষক তথা ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ত্ৰস্তমান হৈ পৰিছে নৈপৰীয়া ৰাইজ। ফলত পাঠ গ্ৰহণৰ পৰা বঞ্চিত হৈছে কণ কণ শিক্ষাৰ্থীয়ে। চৰকাৰ তথা প্ৰশাসনে গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোক তথা অভিভাৱকে৷