কলগাছিয়া, ৯ আগষ্টঃ বৰপেটা অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ চূড়ান্ত দায়িত্বতজ্ঞানহীনতাই ৰোগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অঞ্চলটোত অধিক সময় বিদ্যুত ব্যাহত থকাত আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ দুৰ্নীতিৰ কাৰণে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে সৰ্বসাধাৰণ লোক তথা ৰোগী। চিকিৎসালয়খনত একেৰাহে ৪ঘন্টা বিদ্যুৎ সেৱা বন্ধ হৈ থকাৰ পিছতো চিকিৎসালয়ৰ কৰ্তৃপক্ষই জেনেৰেটৰ নচলোৱাত উৎকট গৰমত হাহাকাৰ কৰিবলগীয়া হৈছে ছিজাৰিয়ান ৰোগী। ইতিমধ্যে গৰমত অচেতন হৈ পৰিছে চিকিৎসালয়খনৰ দুজন কৈ ৰোগী। গৰমৰ পৰা ৰক্ষা পাবলৈ ৰোগীৰ আত্মীয়ই ৰোগীক মজিয়াত শুৱাই বিছনীৰে বিচি বতাহ দিবলগীয়া হৈছে৷ বিগত কেবাবছৰ ধৰি এনেদৰেই চলিছে বৰপেটাৰ একমাত্ৰ অসামৰিক চিকিৎসালয়খন। লক্ষাধিক টকা ব্যয়েৰে চৰকাৰে যোগান ধৰা জেনেৰেটৰ চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ গাফিলতি তথা দুৰ্নীতিৰ কাৰণে প্ৰহসনত পৰিণত হৈছে। চিকিৎসালয়খনৰ অধীক্ষক ডাঃ হাসমত আলীক অভিযোগ কৰিলে দায় সৰা মন্তব্য দি পলায়নৰ চেষ্টা কৰে৷