তিতাবৰ, ৯ আগষ্টঃ তিতাবৰ আৱকাৰী বিভাগে তিতাবৰ আৰু বৰহোলা আৰক্ষীৰ সহযোগত অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷ তিতাবৰ আৱকাৰী উপ পৰিদৰ্শক দুলাল চন্দ্ৰ বৰাৰ নেতৃত্বত যোৱা দলটোৱে অসম নগালেণ্ড সীমান্তৰ বৰহোলাৰ নগাবাটৰ নিবাসী লাতু শইকীয়া নামৰ লোকজনৰ ঘৰৰ পৰা ১৮৯কাৰ্টুন অৰুণাচলী সুৰা উদ্ধাৰ কৰে। আৱকাৰী বিভাগে জানিবলৈ দিয়া মতে জব্দ কৰা সুৰাখিনিৰ মূল্য প্ৰায় তিনি লাখ টকা৷ লাতু শইকীয়া বৰ্তমান পলাতক হৈ আছে৷ লাতুক বিচাৰি আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে৷