টিংখাং, ৯ আগষ্টঃ ডিব্ৰুগড়ৰ টিংখাঙৰ বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত ৪ নং চপাতলীৰ এজন যুৱক কন্যাকুমাৰীৰ সাগৰত মাছ মাৰোঁতে ৰহস্যজনকভাৱে নিৰুৰ্দ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, চপাতলীৰ মীনাৰাম দুৱৰা আৰু অণিমা দুৱৰাৰ মাজু পুত্ৰ ত্ৰৈলোক্য দুৱৰাই (২৩) কেইদিনমানৰ পূৰ্বে কৰ্মসংস্থাপনৰ কাৰণে লগৰ কেজনমানৰ সৈতে কেৰালালৈ যায়। কেৰালাত কন্যাকুমাৰীত ৪ আগষ্টত এঘাৰজন কেৰেলীয়ান মাছমৰীয়া সৈতে অসমৰ যুৱক  ত্ৰৈলোক্য দুৱৰাই নাৱেৰে মাছ ধৰিবলৈ সাগৰৰ মাজলৈ যায়। একমাত্ৰ অসমীয়া যুৱক ত্ৰৈলোক্য মাছমৰীয়া কেইজনৰ লগত নাঁওখনত ৰান্ধনি হিচাপে গৈছিল। নিশা সাগৰৰ বুকুত জাল পেলাই আটাইকেইজন টোপনি যোৱাৰ পিছত পুৱতি নিশা ৰহস্য জনকভাৱে ত্ৰৈলোক্য নাঁওখনৰ পৰা নোহোৱা হয়। বহু সন্ধান কৰাৰ পাচতো যুৱকজনৰ কোনো সন্ধান নোলোৱাত মাছমৰীয়া কেইজনে ঘটনাৰ সন্দৰ্ভত কেৰেলাত থকা আন এজন অসমীয়া যুৱকক অৱগত কৰাত সমগ্র ঘটনা পোহৰলৈ আহে। ইতিমধ্যে টিংখাং আৰক্ষীয়ে ত্ৰৈলোক্যৰ পৰিয়ালক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে৷ ত্ৰৈলোক্যৰ সন্ধানহীন হোৱাৰ আঁৰত গভীৰ ৰহস্য জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে পৰিয়ালৰ লোকে। ত্ৰৈলোক্যৰ পৰিয়ালেও ঘটনা সন্দৰ্ভত বৰবাম আৰক্ষী চকীত অৱগত কৰে। কি পৰিস্থিতিত অসমীয়া যুৱকজন মাজ সাগৰত নিখোঁজ হ’ল, তাকে লৈ সমগ্র অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ত্ৰৈলোক্য নিখোঁজ হোৱাৰ সমগ্ৰ ঘটনাটো কন্যাকুমাৰীৰ মেৰিনা থানাৰ অন্তৰ্গত অঞ্চলত সংঘটিত হৈছে৷