গুৱাহাটী : ৰাজ্যত অব্যাহত আছে অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। পুনৰ অপৰাধীক লক্ষ্য কৰি চলিল আৰক্ষীৰ গুলী। এইবাৰ মহানগৰীত আৰক্ষীৰ গুলীত নিহত ধর্ষণকাৰী। গাড়ীগাঁৱৰ কিশোৰী ধর্ষণকাণ্ডৰ মূল অভিযুক্ত বিকী আলী আৰক্ষীৰ গুলীত নিহত।

সমগ্ৰ ৰাজ্য জোকাৰি যোৱা মহানগৰী গুৱাহাটীৰ গাড়ীগাঁৱৰ কিশোৰী ধর্ষণকাণ্ডৰ মূল অভিযুক্তক লক্ষ্য কৰি পুনৰ চলিল অসম আৰক্ষীৰ গুলী। গাড়ীগাঁৱৰ কিশোৰী ধর্ষণকাণ্ডৰ মূল অভিযুক্ত বিকী আলী মঙলবাৰে নিশা নিহত হয় আৰক্ষীৰ গুলীত। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বিকী আলীক লক্ষ্য কৰি গুলী চালনা কৰে।

আৰক্ষীৰ গুলীত থিতাতে নিহত হয় ধর্ষণৰ অভিযুক্ত বিকী আলী। বিকী আলীক মঙলবাৰে আৰক্ষীয়ে কামৰূপ জিলাৰ দামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। দামপুৰৰ পৰা বিকী আলীক আৰক্ষীয়ে আনি থকা অৱস্থাত আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বিকী আলীক গুলীয়াই। নিশাই বিকী আলীৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ অনা হয়। বৰ্তমান বিকী আলীৰ মৃতদেহ হাস্পতালৰ মৰ্গত আছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে বিকী আলীৰ লগতে আন চাৰিজন যুৱকে গাড়ীগাঁৱৰ এগৰাকী কিশোৰীক দলবদ্ধ ধর্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। বিকী আলী কিশোৰী গৰাকীৰ প্ৰেমিক আছিল আৰু বিকী আলীয়ে কিশোৰী গৰাকীক ধর্ষণ কৰি ভিডিঅ’ কৰি পৰৱৰ্তী সময়ত কিশোৰী গৰাকীক ব্লেকমেইল কৰিছিল বুলি কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছিল। ব্লেকমেইল কৰি বিকী আলীয়ে চাৰি বন্ধুৰ সৈতে মিলি কিশোৰী গৰাকীক পুনৰ ধর্ষণ কৰিছিল বুলি কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছিল।

ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পিছৰে পৰা বিকী আলী চাৰি বন্ধুৰ সৈতে পলাতক অৱস্থাত আছিল। বিকী আলী দামপুৰত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰি আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই বিকী আলীক দামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে। দলবদ্ধ ধর্ষণকাণ্ডৰ লগত জড়িত বিকী আলীৰ আন চাৰিজন বন্ধু বর্তমানেও পলাতক অৱস্থাত আছে। আৰক্ষীয়ে বিকী আলীৰ চাৰি বন্ধুক বিচাৰি অভিযান অব্যাহত ৰাখিছে।