জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথত তিনি গৰাকী পৰীক্ষাৰ্থী চৰ্চাৰ কেন্দ্ৰবিন্দু। বিশ্বনাথত তিনি গৰাকীকৈ ৪৫ বছৰ বয়সৰ পৰীক্ষাৰ্থী অবতীৰ্ণ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। এগৰাকী পৰীক্ষাৰ্থীৰ জ্যেষ্ঠ কন্যা অৱতীৰ্ণ হ’ব স্নাতকোত্তৰৰ অন্তিম ষান্মাসিক পৰীক্ষাত। তিনিও গৰাকী পৰীক্ষাৰ্থী অংগনবাড়ী কৰ্মী।

বিশ্বনাথ চাৰিআলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তিনি গৰাকী পৰীক্ষাৰ্থী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ ইয়াৰে এগৰাকী হ’ল বিশ্বনাথ ঘাটৰ গড়ভীতৰ গাঁৱৰ শিক্ষক আলতাফ হুছেইনৰ পত্নী বুলবুলি খাতুন। বুলবুলি খাতুনে ৪৫ বছৰ বয়সত বিশ্বনাথ হাইস্কুল কেন্দ্ৰত অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

বুলবুলি খাতুনৰ জ্যেষ্ঠ কন্যা অহা শিক্ষা বৰ্ষত অৱতীৰ্ণ হ’ব ক’লা শাখাৰ স্নাতকোত্তৰৰ অন্তিম ষান্মাসিক পৰীক্ষাত। তথাপিও কিন্তু প্ৰৱল ইচ্ছা শক্তি থকাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে বুলবুলি খাতুন নামৰ ৪৫ বছৰীয়া মহিলা গৰাকী।কেৱল এই গৰাকী পৰীক্ষাৰ্থীয়ে নহয়, বিশ্বনাথ উচ্চ মাধ্যমিক বিদ্যালয়ত ৪৫ বছৰ বয়সৰ মুঠ তিনি গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

বিশ্বনাথ জিলাত মুঠ ২৪ টা পৰীক্ষা কেন্দ্ৰত ১০,৮২৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। কিন্তু তাৰ মাজতে ৪৫ বছৰ বয়সৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা তিনি গৰাকী পৰীক্ষাৰ্থী চৰ্চাৰ বিষয় হৈ পৰিছে। শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বয়স কেতিয়াও অন্তৰায় যে হ’ব নোৱাৰে তাকে প্ৰতিপন্ন কৰিলে বিশ্বনাথৰ এই তিনিগৰাকী পৰীক্ষাৰ্থীয়ে। তিনিও গৰাকী পৰীক্ষাৰ্থী অংগনবাড়ী কৰ্মী।