গুৱাহাটী, ২৫ মে’ : গুৱাহাটীৰ খাৰঘূলি অঞ্চলত ভয়ংকৰ ঘটনা। পানীৰ প্ৰচণ্ড ঢৌত উটি গ’ল ৪০ টাকৈ ঘৰ, উটি গ’ল বাহন। এগৰাকী মহিলাৰ মৃত্যু (Pipeline Blast)। আহত কেইবাগৰকী লোক। সৃষ্টি হয় বানপানী সদৃশ পৰিৱেশৰ। শতাধিক লোকৰ বিস্তৰ ক্ষতি সাধন।

বৃহস্পতিবাৰে (২৫ মে’) দিনৰ ৩ মান বজাত মহানগৰী গুৱাহাটীৰ খাৰঘূলিত সৃষ্টি হয় এক ভয়ংকৰ পৰিস্থিতিৰ। গেমন জাইকাৰ পানীৰ পাইপত সংঘটিত হোৱা বিস্ফোৰণত অঞ্চলটোত হঠাৎ সৃষ্টি হয় এক ভয়ংকৰ পৰিস্থিতিৰ। মুহূৰ্ততে পানীৰ ঢৌৱে উটুৱাই নিয়ে অঞ্চলটোৰ কেইবাটাও ঘৰ। পানীৰ উৰ্ধমুখী সোঁতে উটুৱাই নিয়ে ৰাজপথৰ ওপৰত থকা কেইবাখনো বাহন।

পানীৰ প্ৰচণ্ড ঢৌৱে খাৰঘূলিৰ জয়পুৰৰ অঞ্চলটোত বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে উটুৱাই নিয়ে বহু লোকক। পানীৰ প্ৰচণ্ড সোঁতে উটুৱাই নিয়াত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আহত হয় কেইবাগৰকী লোক। নিহত মহিলা গৰাকীৰ নাম সুমিত্ৰা ৰাভা বুলি জানিব পৰা গৈছে। ৩০ গৰাকী লোক এই ঘটনাত আহত হোৱা বুলি জানিব পৰা গৈছে।

আহত সকলৰ ভিতৰৰ এগৰাকী ৮ বছৰীয়া শিশু আছে বুলি জানিব পৰা গৈছে। পানীৰ প্ৰচণ্ড সোঁতত নিহত সুমিত্ৰা ৰাভাৰ ঘৰটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। ঘটনাৰ পিছতে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই কেইবাগৰকী লোকক উদ্ধাৰ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ঘটনাৰ পিছতে ৰাইজ ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে ক্ষতিগ্ৰস্ত লোক সকলক অতি শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে। গেমন জাইকেই পানীৰ পাইপৰ কাম অতি নিম্নমানৰ কৰাৰ বাবেই এই ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে গেমন জাইকেই দীর্ঘদিন ধৰি মহানগৰীত পানী যোগানৰ কাম কৰি আছে।