গুৱাহাটী, ২৫ মে’ : উত্তৰ পূব চাৰ্কোলৰ ৰে’লৱে সুৰক্ষা আয়ুক্ত (চিআৰএছ) শুভময় মিত্ৰই বুধবাৰে (২৪ মে’) তাৰিখে পাঠশালা আৰু নলবাৰী ষ্টেশ্যনৰ (Pathsala-Nalbari Railway Line) মাজত নতুনকৈ স্থাপন কৰা দ্বৈত ৰে’লপথৰ বিধিসন্মত পৰিদৰ্শন সম্পূৰ্ণ কৰে। নতুনকৈ স্থাপন কৰা এই দ্বিতীয় ৰে’ল পথটো প্ৰতি ঘণ্টাত সৰ্বাধিক প্ৰায় ৯০ কিলোমিটাৰ গতিবেগেৰে মালবস্তু আৰু যাত্ৰী পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হ’ব।

পাঠশালা-নলবাৰী খণ্ডৰ কাম ৰঙিয়া হৈ নিউ বঙাইগাঁও-আগিয়াঠুৰি ১৪২.৯৭ কিলোমিটাৰ দ্বৈত ৰে’লপথ প্ৰকল্পৰ অংশ ৰূপে নিৰ্মাণাধীন অৱস্থাত আছে। প্ৰকল্পটোত ৭৫ খন বৃহৎ সেতু, ৩৮ খন সৰু সেতু আৰু ১৯ টা নতুন ষ্টেশ্যন ভৱনৰ নিৰ্মাণ অন্তৰ্ভুক্ত আছে।

পাঠশালাৰ পৰা নলবাৰীৰ মাজৰ সম্প্ৰসাৰণ হৈছে ২৬.৯১ কিলোমিটাৰ। এই খণ্ডটোত ১৭ খন বৃহৎ সেতুৰ নিৰ্মাণ অন্তৰ্ভুক্ত আছে। ৰে’লৱে সুৰক্ষা আয়ুক্ত (চিআৰএছ) উত্তৰ পূব চাৰ্কোলৰ দ্বাৰা প্ৰতি ঘণ্টাত প্ৰায় ১২২ কিলোমিটাৰ গতিবেগেৰে এক ট্ৰায়েল সম্পন্ন কৰা হয়। অত্যাধুনিক প্ৰযুক্তি যেনে, সমস্ত ৱাইড বেচ প্ৰি-ষ্ট্ৰেচড কংক্ৰিট (পিএছচি) শ্লীপাৰ আৰু থিক ৱেব চুইচ ব্যৱহাৰেৰে শক্তিশালী ট্ৰেকৰ ষ্ট্ৰাকচাৰ যি হৈছে প্ৰী-ষ্ট্ৰেচড কংক্ৰিট শ্লীপাৰত নতুন ডিজাইনৰ অধিক মজবুত চুইচ আৰু এই ডাবল লাইন টেৰিটৰিৰ বাবে উচ্চ গতিবেগ নিয়্ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব।

ইয়াতে উল্লেখ কৰিব লাগিব যে দ্বৈত ৰে’লপথ স্থাপনৰ সৈতে, ষ্টেচনসমূহত ষ্টপ-অভাৰ ক্ৰছিং অবিহনেই উভয় দিশত ৰে’ল চলাচল কৰিব পৰা যাব যি ৰে’লৰ সময়ানুৱৰ্তীতা বৃদ্ধি কৰিব। যাঁনজট হ্ৰাস হোৱাৰ ফলত গতিবেগেৰ অধিক ৰে’ল চলাব পৰা যাব। ইয়াৰ পূৰ্বে নিউ বঙাইগাঁৱৰ পৰা বিজনীৰ মাজত ১৭.৫৩ কিলোমিটাৰ খণ্ডটো ৩০ আগষ্ট, ২০২২  তাৰিখে কমিছনিং কৰা হৈছে। এই সমগ্ৰ ৰেল খণ্ডটো সম্পূৰ্ণ হোৱাৰ পিছত, উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰেল যোগাযোগ তাৎপর্যপূর্ণভাবে বৃদ্ধি কৰা হ’ব।