কলগাছিয়া, ২৪ জুলাইঃ বানপানীৰ পিছত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে কলগাছিয়াৰ খাৰবাল্লীত৷ জনীয়া সমষ্টিৰ সোঁমাজেৰে বৈ যোৱা বেকী নৈৰ সুঁতিৰ বিধ্বংসী গৰাখহনীয়াই বাৰিষাৰ আগে আগে দহ লক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰা মথাউৰিটো উটুৱাই নিয়ে৷ এই গৰাখহনীয়াত অঞ্চলটোৰ ১৫ পৰিয়ালৰ ভেটি-মাটি উছন হোৱাৰ লগতে বহু খেতি-পথাৰো জাহ গৈছে৷ ইতিপূৰ্বে গাঁওখনৰ আটাইবোৰ বাট-পথ বানপানী বিধ্বস্ত হৈছে। নদীখনৰ খহনীয়াত গাঁওবাসীৰ বাসগৃহ তথা সামগ্ৰী স্থানান্তৰৰো সুযোগ নাপালে। গৰাখহনীয়াৰ ফলত আতংকিত হৈ পৰিছে গাঁওবাসী। স্থানীয় লোকে অভিযোগ কৰা মতে, বিজ্ঞানসন্মত ভাবে মথাউৰিটো নিৰ্মাণ নকৰাৰ বাবে অঞ্চলটোত গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰি সৰ্বসাধাৰণ লোকৰ ভেটি-মাটি উছন কৰিছে। স্থানীয় লোকে চৰকাৰ তথা জিলা প্ৰশাসনৰ শীঘ্ৰে পদক্ষেপ গ্ৰহণ নকৰিলে সমগ্ৰ খাৰবাল্লী গাঁও নদীৰ বুকুত জাহ যোৱাৰ আশংকা ব্যক্ত কৰিছে।