গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মাৰ্চ : গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ মুখ্য প্ৰৱেশ দুৱাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ। চলন্ত ইণ্ডিকা বাহনত লাগিল জুই ।

এক উত্তপ্ত তথা হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয় হঠাতে ইণ্ডিকা বাহনত জুই লগাৰ বাবে । কথামপি প্ৰাণ ৰক্ষা পৰে ৩ জন লোকৰ।ইণ্ডিকা বাহনখনত যান্ত্ৰিক বিজুতি তথা চৰ্ট চাৰ্কিট হোৱা বাবেই অগ্নিকাণ্ড সংঘটিত হয় ।

উল্লেখ্য যে ইণ্ডিকা বাহনখনে কঢ়িয়াই আনিছিল ৰোগী । দিছপুৰৰ পৰা অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ইণ্ডিকা বাহন খন সম্পূৰ্ণৰূপে ভস্মীভূত হয় । বাহনখনৰ নম্বৰ এ এছ ০১ ভি ৫০০১ ।