গুৱাহাটী, সংবাদ ৩৬৫, ১৭ আগষ্ট : মহানগৰীৰ ছয়মাইল স্থিত জি এন আৰ চি হাস্পতালৰ অস্থিৰোগ বিভাগৰ মুৰব্বী তথা মূখ্য পৰামৰ্শদাটা ডাঃ অংকুৰ হাজৰিকাই সম্পূৰ্ণ কৰিলে অস্থিৰোগ বিভাগৰ মুঠ ৫০০০তা অস্ত্ৰোপচাৰ । দুবছৰীয়া শিশুৰ পৰা ১০২ বছৰীয়া বৃদ্ধলোক পৰ্য্যন্ত সুকলমে অস্ত্ৰোপচাৰ কৰিছে ডাঃ অংকুৰ হাজৰিকাই ।

ছয়মাইল স্থিত জি এন আৰ চি হাস্পতালখন ২০০৮ চনত নিৰ্মান কৰা হৈছিল আৰু হাস্পতাল খনৰ প্ৰথম অস্ত্ৰোপচাৰটোৱে ডাঃ অংকুৰ হাজৰিকাইয়ে সম্পন্ন কৰিছিল । সৰ্বমুঠ ১০বছৰৰ কৰ্মজীৱনত ৫০০০তা অস্ত্ৰোপচাৰ কৰি নিজকে ধন্য মানিছে ডাঃ গৰাকীয়ে আৰু বিশেষ ভাবে জি এন আৰ চিৰ স্বত্বাধিকাৰী ডাঃ নুমল চন্দ্ৰ বৰাক বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰিছে ।

তেখেতে কয় যে ৫০০০ অস্ত্ৰোপচাৰ মাত্ৰ এটা নম্বৰহে সেয়েহে তেখেতৰ জীৱনত কিমান অস্ত্ৰোপচাৰ কিমান উন্নত মানদন্দত সম্পন্ন কৰিব পাৰে সেইটোহে প্ৰয়োজনীয় ।

লগতে সংবাদ মেল খনত উপষ্টিত থাকে জি এন আৰ চি হাস্পতালৰ ডাঃ মাইনুলৰ আহমেদ আৰু জি এন আৰ চিৰ চি ই অ’ ডাঃ শতাব্দী বৰা ।