গুৱাহাটী, সংবাদ ৩৬৫, ১৭ আগষ্ট : মহানগৰীৰ বিভিন্ন স্থানত অবাধ হাৰত চলি আহিছে তীৰৰ খেল । দীৰ্ঘদিনৰ পৰা মহানগৰীৰ বশিষ্ঠৰ বঙালী বস্তিত দুই বুকীয়ে বিক্ৰী কৰি আছিল তীৰৰ টিকত।

বশিষ্ঠ আৰক্ষী প্ৰহৰা চকীয়ে সন্ধিয়াৰ ভাগত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই ধৃতক । দুই ধৃতৰ নাম বিকি প্ৰধান আৰু ৰতন দেবনাথ । ইতিমধ্যে আৰক্ষীয়ে দুই ধৃতৰ পৰা জব্দ কৰে তীৰৰ টিকত নগদ ২২,০০০ টকা আৰু কেলকুলেটৰ ।

উলেখযোগ্য যে স্বাধীনতা দিবসৰ প্ৰাকক্ষনত নিশ্চুপ হয় আছিল বশিষ্ঠ আৰক্ষী প্ৰহৰা চকী। ১৪ আগষ্টৰ নিশা সমগ্ৰ ৰাজ্যৰ আৰক্ষী ব্যস্ত হয় আছিল কৰ্তব্যত । তাৰ পৰিবৰ্তে বশিষ্ঠ প্ৰহৰা আৰক্ষীৰ বিষয়বৱীয়াই নিদ্ৰাত মগ্ন আছিল যাৰ বাবে এতিয়া প্ৰশ্নৰ উদয় হৈছে যে নিজৰ দাগ গুছাবলৈ এই অভিযান চলাই গ্ৰেপ্তাৰ কৰা হ’ল নেকি দুই তীৰৰ ব্যৱসায়ীক।