কলগাছিয়া : কলগাছিয়াত নিখিল ভাৰত কৃষক সভাৰ ফটকা ফুটাই আনন্দ-উল্লাস। এফালে প্ৰধানমন্ত্ৰীৰ ঘোষণাক আদৰণি, আনফালে প্ৰধানমন্ত্ৰীৰ ঘোষণাক নিৰ্বাচনী টোপ বুলি আশংকা নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিক কমিটিৰ। সংসদত তিনিখন কৃষি আইন বাতিল নকৰা পৰ্যন্ত কৃষৰ আন্দোলন অব্যাহত থাকিব।

শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰ প্ৰক্ৰিয়া আগন্তক সংসদ অধিৱেশনত সম্পূৰ্ণ কৰা হ’ব বুলি ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ কৃষি আইন প্ৰত্যাহাৰ কৰাৰ ঘোষণাৰ পিছতে দেশজুৰি কৃষক সকল উৎফুল্লিত হৈ পৰে।

বিগত এবছৰ ধৰি তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষক সকলে প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰে। প্ৰতিবাদকাৰী কৃষক সকলে ফটকা ফুটাই, মিঠাই বিতৰণ কৰি আনন্দ-উল্লাস প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। সমগ্ৰ দেশৰ কৃষক সকলৰ লগতে অসমতো কৃষক সকলে প্ৰধানমন্ত্ৰীৰ কৃষি আইন প্ৰত্যাহাৰ কৰাৰ ঘোষণাক আদৰণি জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাক স্বাগতম জনাই কলগাছিয়াত নিখিল ভাৰত কৃষক সভাই ফটকা ফুটাই আনন্দ-উল্লাস প্ৰদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰাৰ পিছতে নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিক কমিটিৰ একাংশ সদস্য কলগাছিয়া চাৰিআলি চকত একত্ৰিত হৈ ফটকা ফুটাই প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

নিখিল ভাৰত কৃষক সভাৰ সদস্য আৰু নেতৃবৃন্দই পথ সভাৰ আয়োজন কৰি ফটকা ফুটাই আনন্দ-উল্লাস প্ৰদৰ্শন কৰি সংযুক্ত কিষাণ মৰ্চা জিন্দাবাদ , কৃষক আন্দোলনৰ কৃষক সকলক লাল ছালাম আদি শ্ল’গানৰে আকাশ-বতাহ উত্তাল কৰি তোলে। আনন্দ-উল্লাসৰ মাজতে নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া কমিটিৰ নেতৃবৃন্দই আশংকা প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰীৰ কৃষি আইন প্ৰত্যাহাৰ কৰাৰ ঘোষণা যাতে নিৰ্বাচনী টোপ নহয়।

নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া কমিটিৰ নেতৃবৃন্দই প্ৰধানমন্ত্ৰীক আগন্ত অধিৱেশনত সংসদত তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ আহ্বান জনায়। ইফালে কৃষক আন্দোলনৰ নেতা ৰাকেশ টিকেতে প্ৰধানমন্ত্ৰীৰ তিনিখন কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণাৰ পিছতো কৃষক সকলৰ আন্দোলন অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। সংসদত তিনিখন কৃষি আইন প্ৰত্যাহাৰ হোৱালৈ আমি অপেক্ষা কৰিম বুলিও প্ৰকাশ কৰিছে কৃষক নেতা ৰাকেশ টিকেতে।