বঙাইগাঁও : বঙাইগাঁৱত শোকাবহ ঘটনা। বঙাইগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুষ্প্ৰাপ্য সোণালী বান্দৰৰ। বন বিভাগৰ লোকে মৃত সোণালী বান্দটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

বঙাইগাঁও জিলাৰ চিটকাগাঁৱত এক শোকাবহ ঘটনা সংঘটিত হৈছে। চিটকাগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰিছে এটা দুষ্প্ৰাপ্য সোণালী বান্দৰ। মুক্ত বিদ্যুৎৰ তাঁৰ বগাই পাৰ হ’বলৈ লওঁতেই বিদ্যুৎস্পৃষ্ট হৈ সোণালী বান্দৰটো মৃত্যুৰ মুখত পৰে।

সোণালী বান্দৰৰ ৰম্যভূমি কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল সোণালী বান্দৰৰ এটা জাক। মৃত সোণালী বান্দৰটো ইতিমধ্যে বন বিভাগে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া অঞ্চল সমূহত ইনচুলেটেদ বিদ্যুৎ তাঁৰৰ ব্যৱস্থা নথকাৰ বাবেই সঘনাই বিদ্যুৎস্পৃষ্ট হৈ সোণালী বান্দৰৰ মৃত্যু হোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলক। অঞ্চলটোত ইনচুলেটেদ বিদ্যুৎ তাঁৰৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে ৰাইজে।