গোৱালপাৰা : ধর্ষণ আৰু হত্যাৰ অভিযুক্ত কালু মুণ্ডাক যাৱতজীৱন কাৰাদণ্ড। চাৰি বছৰ পিছত ন্যায় পালে কালু মুণ্ডাই ধর্ষণ কৰি হত্যা কৰা নাবালিকা গৰাকীৰ পৰিয়ালে। আদলতৰ ৰায়দানত আত্মসন্তোষ্টি ভুক্তভোগী পৰিয়ালটোৰ।

গোৱালপাৰা আদালতে শুকুৰবাৰে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰে। কালু মুণ্ডা নামৰ এজন ধর্ষণকাৰীক যাৱতজীৱন কাৰাদণ্ডৰ ঐতিহাসিক ৰায়দান কৰে গোৱালপাৰা আদালতে। ২০১৮ চনত কালু মুণ্ডাই এক জঘন্য ধর্ষণকাণ্ড সংঘটিত কৰিছিল।

২০১৮ চনত এগৰাকী ৬ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰিছিল কালু মুণ্ডাই।গোৱালপাৰা জিলাৰ ৰংজুলিৰ শিমলীতোলা চাহ বাগিচাত এই জঘন্য ঘটনা সংঘটিত হৈছিল। নাবালিকা গৰাকীক ধর্ষণ কৰি গামোচাৰে ডিঙি চেপি হত্যা কৰিছিল শ্ৰীনুছ ওৰাং ওৰফে কালু মুণ্ডাই।

ঘটনা সন্দৰ্ভত ৰংজুলি থানাত গোচৰ ৰুজু হৈছিল। চাৰি বছৰ পিছত গোৱালপাৰা আদালতে উক্ত গোচৰৰ ৰায়দান প্ৰদান কৰে। গোৱালপাৰা আদালতে কালু মুণ্ডাক যাৱতজীৱন কাৰাদণ্ডৰৰ ৰায়দান দিয়ে। জীৱিত অৱস্থাত কালু মুণ্ডা জেলৰ পৰা ওলাব নোৱাৰিব।