ৰঙিয়া : ৰঙিয়া আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। বিস্কুট বিক্ৰী কৰিবলৈ অহা আব্দুল কাদিৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ৰঙিয়া আৰক্ষীয়ে। ধৃত আব্দুল কাদিৰ নামৰ যুৱকজন শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এক গোপন খবৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ উদিয়ানাৰ পৰা বিস্কুট বিক্ৰী কৰিবলৈ অহা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱকজনৰ কবলৰ পৰা জব্দ কৰিছে ২ কেজি ওজনৰ নকল সোণৰ বিস্কুট।

ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে উদিয়ানাত অভিযান চলাই নকল সোণৰ বিস্কুটসহ যুৱকজনক গ্ৰেপ্তাৰ কৰে। আব্দুক কাদিৰ নামৰ যুৱকজনে নকল সোণৰ ব্যৱসায়ী কৰা এটাক সোণৰ বিস্কুটখিনি গতাই দি গ্ৰাহকৰ সন্ধানত আছিল।

আৰক্ষীয়ে বৰ্তমান অধিক তথ্যৰ বাবে আব্দুল কাদিৰক জেৰা অব্যাহত ৰাখিছে। জেৰাৰ পিছত আৰক্ষীয়ে নকল সোণ ব্যৱসায়ীৰ চক্ৰটোৰ আন সদস্য সকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দীয়ে কিছুদিন পুৰ্বে ৰঙিয়া ষ্টেচনত নকল সোনৰ এটা চক্ৰ আটক কৰিবলৈ সক্ষম হৈছিল ৰঙিয়া আৰক্ষীয়ে।