গুৱাহাটী : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। নৈশ বাছৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ৫ লক্ষাধিক টকা মূল্যৰ নিচাজাতীয় টেবলেট। মহানগৰী গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে চলাইছিল এক ড্ৰাগছ বিৰোধী অভিযান। আইএছবিটি’ত চলিছিল গড়চুক আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযান।

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ নৈশ বাছত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ সংখ্যক নিচাজাতীয় টেবলেট।

মঙলবাৰে নিশা গড়চুক আৰক্ষীয়ে আইএছবিটি’ৰ পৰা ড্ৰাগছ সৰবৰাহৰ এক গোপন খবৰ লাভ কৰিছিল। এই গোপন খবৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে নিশা আইএছবিটি’ত চলায় ড্ৰাগছ বিৰোধী অভিযান। গড়চুক আৰক্ষীয়ে গুৱাহাটীৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলালৈ যোৱা এখন নৈশ বাছত তালাচী চলাই জব্দ কৰে ৭২০০ টা নিচাজাতীয় টেবলেট।

আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় টেবলেটখিনিৰ বজাৰ মূল্য ৫ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰিছে। নৈশ বাছযোগে নিচাজাতীয় টেবলেটখিনি সৰবৰাহৰ চেষ্টা কৰা মনচুৰ আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী মনচুৰ আলীক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।