গুৱাহাটী : বিধানসভাত এককভাৱে প্ৰতিবাদ সাব্যস্ত কৰে বকোৰ বিধায়িকা নন্দিতা দাসে। অসম-মেঘালয়ৰ সীমা বিবাদ সমাধানদৰ দাবীত বিধানসভা চৌহদত এককভাৱে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলৰ বিধায়িকা গৰাকীয়ে। অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজক সুৰক্ষা প্ৰদানৰ দাবী বিধায়িকা গৰাকীৰ।

অসম বিধনাসভাৰ শীতকালীন অধিৱেশন চলি থকাৰ মাজতে বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলৰ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে। হাতত প্লেকাৰ্ড লৈ বিধায়িকা গৰাকীয়ে বিধানসভাৰ চৌহদত বহি প্ৰতিবাদ সাব্যস্ত কৰে। বকো সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয়ৰ সীমা বিবাদ অতি শীঘ্ৰে সমাধান কৰাৰ দাবী জনাই বিধায়িকা গৰাকীয়ে এককভাৱে প্ৰতিবাদ সাব্যস্ত কৰে।

বকোৰ কংগ্ৰেছ দলৰ বিধায়িকা নন্দিতা দাসে অভিযোগ উত্থাপন কৰে যে অসম-মেঘালয় সীমান্তৱৰ্তী অসমৰ ৰাইজ নিৰাপত্তাহীনতাত ভুগি আছে। সীমান্তত থকা অসমৰ ৰাইজক বিভিন্ন সময়ত মেঘালয়ৰ লোকে ভাবুকি প্ৰদান কৰি আহিছে। সীমান্ত অঞ্চলত আৰক্ষী থানা স্থাপন কৰি অধিক আৰক্ষী নিয়োজিত কৰিবলৈ বিধায়িকা গৰাকীয়ে চৰকাৰৰ আহ্বান জনায়।

উল্লেখ্য যে বকো সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তত বিভিন্ন সময়ত সীমা বিবাদক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। কিছুদিন পূৰ্বেও অসম-মেঘালয় সীমান্তৰ লাম্পিত সীমা বিবাদক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হৈছিল। বকোত বিধায়িকা গৰাকীয়ে অসমৰ মাটি কোনো কাৰণতে মেঘালয়ক এৰি দিয়া নহ’ব বুলিও মন্তব্য প্ৰকাশ কৰে।