নলবাৰী : হায়! মানৱতা। স্বামীৰ মৃতদেহ চোতালত থৈ অকলে ৰৈ আছে পত্নী। সৎকাৰ কৰিবলৈ ওলাই নাহিল চুবুৰীয়া। ওলাই নাহিল নিজ পুত্ৰও। সমাজ! একতাৰ বান্ধোন মানেই সমাজ।পিছে সমাজৰ এই ধাৰণাক যেন আজি ভু্-লুণ্ঠিত কৰা হ’ল নলবাৰীত। মৃত্যুৰ পিছতো তথাকথিত এখনি সমাজে মৃতকৰ প্ৰতি নেদেখুৱালে তিলমানো মানৱীয়তা শ্ৰদ্ধা।

নলবাৰী জিলাৰ বাহমূৰাত সংঘটিত হ’ল এক হৃদয়বিদাৰক ঘটনা। গাঁওখনৰ সুৰেন মোছাহাৰী নামৰ এজন ব্যক্তিৰ মৃতদেহ ঠেলাত লৈ অহা হ’ল শ্মশানলৈ। লিভাৰৰ সমস্যাত ভুগি থকা ব্যক্তিজনৰ বিয়লি নিজ গৃহতে মৃত্যু হৈছিল। কিন্তু মৃতকৰ সৎকাৰ কৰিবলৈ গাঁওখনৰ কোনো এজন ব্যক্তি ওলাই নাহিল। আনকি মৃতকৰ পুত্ৰও নাহিল পিতৃৰ শৱদেহ সৎকাৰ কৰিবলৈ।

কাৰণ আজিৰ পৰা প্ৰায় পাঁচ বছৰ পূৰ্বে মৃতকৰ পুত্ৰৰ লগত গাওঁবাসীৰ হোৱা কাজিয়াৰ পৰিণতিত গাঁওবাসীয়ে মৃত ব্যক্তিজনৰ পৰিয়ালক বিহিছিল এঘাৰ হাজাৰ টকাৰ জৰিমণা।কিন্তু গাঁওবাসীয়ে বিহা এই জৰিমণা আদায় কৰিব নোৱাৰিলৈ চৰম আৰ্থিক দৈন্যতাৰ মাজেৰে দিন কটোৱা পৰিয়ালটোৱে। যাৰ পৰিণতিত আধুনিক সমাজৰ মুখা পিন্ধা ভদ্ৰলোক সকলে পৰিয়ালটোক কৰি থলে এঘৰীয়া।

তথাকথিত এই সমাজৰ মানৱতাহীন এই কৰ্মকাণ্ডক যেন লাজ দিবলৈ ওলাই আহিল অঞ্চলটোৰে কেইগৰাকী মান মানৱ দৰদী ব্যক্তি। মৃত ব্যক্তিজনৰ মৃতদেহ সৎকাৰ কৰিবলৈ ওলাই আহিল গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কৰ্মী সকল। সংগঠনটোৰ সভাপতি তফিকুৰ ৰহমান আৰু সমাজ হিতৈষী ব্যক্তি অমল বৈশ্যৰ নেতৃত্বত অৱশেষত কৰা হ’ল মৃতদেহৰ সৎকাৰ। কিন্ত নাহিল পুত্ৰ। এতিয়া প্ৰশ্ন হৈছে এয়াই নেকি আজিৰ সমাজ!