যোৰহাট : অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তনত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অংশগ্ৰহণ কৰি ডিগ্ৰী প্ৰদান কৰে। ৰাজ্যপাল গৰাকীয়ে বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত সমাবৰ্তনত ভাষণ প্ৰদান কৰি কয় যে কৃষিজাত সম্পদসমূহৰ যথোপযুক্ত ব্যৱহাৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ সচেতনতাৰে মোকাবিলা কৰি সেইসমূহক জৈৱ অৰ্থনীতিলৈ পৰিবৰ্তন কৰিব পাৰি আৰু ইয়াৰ দ্বাৰাই কৃষক আৰু কৃষিৰ লগত জড়িত সকলৰ অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰিব পৰা যাব। অসমখন জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত চহকী, সাৰুৱা আৰু যথেষ্ট বৰষুণ হোৱা প্ৰকৃতিৰ উপহাৰস্বৰূপ।

ৰাজ্যপাল গৰাকীয়ে কয় যে বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগে মানুহৰ জীৱন জীৱিকালৈয়ো ভাবুকি কঢ়িয়াই আনে যদিও পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰা কৃষক উপযোগী প্ৰযুক্তিৰে খেতি কৰা আৰম্ভ হৈছে আৰু সামগ্ৰিকভাবে কৃষিক্ষেত্ৰৰ উত্তৰণ ঘটিছে। এই দিশত অসম কৃষি বিশ্ববিদ্যালয়েও যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কৃষি ক্ষেত্ৰই জাতি গঠন প্ৰক্ৰিয়াত যথেষ্ট অৱদান আগবঢ়াইছে বুলি উল্লেখ কৰি ৰাজ্যপাল জাগীশ মুখীয়ে কয় যে ক’ডিডৰ সময়ত এইয়া অতিশয় উল্লেখযোগ্য হৈ পৰিছে।

শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মক উদ্দেশ্যি ৰাজ্যপাল গৰাকীয়ে কয় যে যুৱ প্ৰজন্মই নিজৰ লক্ষ্যত দৃষ্টি নিবদ্ধ কৰি আদৰ্শৰ প্ৰতি দৃঢ় হৈ উৎসৰ্গীতভৱে আগবাঢ়িব লাগিব। সমাবৰ্তনত বিশিষ্ট অতিথি হিচাপে বক্তব্য ৰাখি কৃষিমন্ত্ৰী অতুল বৰাই কয় যে যুৱ প্ৰজন্ম কৃষিৰ ক্ষেত্ৰত উদ্যোগিক মানসিকতাৰে সাৰ্থক বজাৰৰ দিশত গুৰুত্ব আৰোপ কৰি ব্যৱসায়িক কৃষি ব্যৱস্থাপনাৰে আগুৱাই যাব লাগিব। বৃত্তিগত যাত্ৰাত বিভিন্ন পথেৰে আগবাঢ়ি যোৱা হয় যদিও কৃষি উৎপাদন তথা এই দিশত জ্ঞান আৰ্জনে সামগ্ৰিকভাবে কৃষিক্ষেত্ৰক আগুৱাই যোৱাত বহুধৰণে সহায় কৰে।

কৃষিমন্ত্ৰী গৰাকীয়ে লগতে কয় যে দেশে এতিয়া বহনক্ষম কৃষিৰ জৰিয়তে দেশৰ দৰিদ্ৰতা আৰু ক্ষুধা নিবাৰণৰ দিশত পদক্ষেপ গ্ৰহণ কৰাৰ লগতে খাদ্য আৰু পৰিপুষ্টি, সুৰক্ষা, নিয়োগ আদি দিশতো গুৰুত্ব আৰোপ কৰি আগবাঢ়িছে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুত চন্দন ডেকাই আদৰণি ভাষণ আগবঢ়ায়। অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অজন্তা বৰগোঁহাই ৰাজকোঁৱৰে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে।

সমাবৰ্তনত ৰাজ্যপাল গৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী, ভাৰত চৰকাৰৰ কৃষি শিক্ষা আৰু গৱেষণা বিভাগৰ সচিব প্ৰধান তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ত্ৰিলোচন মহাপাত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পশু শৈল চিকিৎসা বিশেষজ্ঞ তথা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ শৈল চিকিৎসা বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কুশল কোৱৰ শৰ্মাক অসম কৃষি বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। হাইব্ৰীড ব্যৱস্থাপনাৰে (অনলাইন আৰু অফলাইন) অনুষ্ঠিত এই সমাবৰ্তনত বিগত দুটা বছৰৰ সৰ্বমুঠ ১৩৬৯ শিক্ষাৰ্থীক স্নাতক , স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীসমূহ প্ৰদান কৰা হয়।

এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ৪৭ গৰাকী শিক্ষাৰ্থীক সোণৰ পদক তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাৰ নগদ ধনৰ পুৰস্কাৰসমূহো প্ৰদান কৰা হয়। সমাবৰ্তনত সাংসদদ্বয় কামাখ্যা প্ৰছাদ তাছা আৰু তপন কুমাৰ গগৈ, অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং, বিশ্ববিদ্যালয়ৰ বৰ্ড মেম্বাৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, ভাস্কৰ বৰুৱা, বৰ্ণালী শইকীয়া বৰা, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।