আব্দুল হক
নগৰবেৰা : বৰপেটা জিলাৰ মহচৰাত চাঞ্চল্যকৰ চুৰিকাণ্ড। এজন শিক্ষকৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড। শিক্ষকজনৰ ঘৰৰ পৰা চোৰে লুটি নিয়ে নগদ ধনসহ আঠ লক্ষাধিক টকাৰ সম্পত্তি।

বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মহচৰাত মঙলবাৰে নিশাৰ ভাগত এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয়। নিশা এজন শিক্ষকৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি নিয়ে নগদ ধন আৰু অলংকাৰসহ প্ৰায় আঠ লাখ টকাৰ সম্পত্তি৷

মহচৰা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰবিউল হুছেইন মঙলবাৰে সন্ধিয়াৰ ভাগত আলহীৰ ঘৰত যোৱাৰ ঘৰত কোনো লোকে নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চুৰিকাণ্ড সংঘটিত কৰে। চোৰে নিশা ঘৰৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চাফাই অভিযান চলায়।

বুধবাৰে পুৱাৰ ভাগত আলহীৰ ঘৰৰ পৰা উভতি আহি শিক্ষকজনে ঘৰৰ তলা ভঙা আৰু ঘৰৰ ভিতৰত সকলো বস্তু লণ্ডভণ্ড অৱস্থাত প্ৰত্যক্ষ কৰে। ঘটনাস্থলীত কাছুমাৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে।