গুৱাহাটী, ২০ এপ্ৰিল, ২০২৫ : বৃহত্তৰ গুৱাহাটী মুছলিম সমাজৰ (Muslim Samaj) বিশেষ সভা। ২০২৫ চনৰ ৱাকফ (সংশোধনী) আইনৰ ব্যাপক প্ৰভাৱৰ ওপৰত আলোচনাৰ বাবে এক গুৰুত্বপূৰ্ণ বৌদ্ধিক সভাৰ আয়োজন কৰে বৃহত্তৰ গুৱাহাটী মুছলিম সমাজে। এই সভাত অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট অধিবক্তা, পণ্ডিত, বুদ্ধিজীৱী, সমাজৰ নেতা, বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু সচেতন নাগৰিকে অংশগ্ৰহণ কৰে।

উপস্থিত সকলোৱে ২০২৫ চনৰ ৱাকফ (সংশোধনী) আইনৰ তীব্ৰ বিৰোধিতা কৰি, ভাৰতত ৱাকফ সম্পত্তিৰ ঐতিহাসিক আৰু আইনী মৰ্যাদা ভাঙি পেলোৱাৰ আশংকাৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰে। বক্তাসকলে উল্লেখ কৰে যে এই আইনে উত্তৰ-পূৰ্বাঞ্চলত গভীৰ ভূ-ৰাজনৈতিক প্ৰভাৱ পেলাব পাৰে। সভাত উচ্চতম ন্যায়ালয়ে ১৭ এপ্ৰিল ২০২৫ তাৰিখে জাৰি কৰা সাময়িক নিৰ্দেশৰ বিষয়ে অৱগত কৰা হয়, য’ত সংশোধিত আইনৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত সীমিত সকাহ প্ৰদান কৰা হৈছে।

সভাত আইনৰ বিৰুদ্ধে থকা আইনী প্ৰত্যাহ্বান আৰু অগ্ৰগতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। অংশগ্ৰহণকাৰীসকলে প্ৰয়োজন অনুসৰি সৰ্বোচ্চ পৰ্যায়ত আইনী হস্তক্ষেপ সন্দৰ্ভতো আলোচনা কৰে। অসমৰ সমগ্ৰ ৰাজ্যজুৰি এক সচেতনতা অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গৃহীত কৰা হয়, যাৰ উদ্দেশ্য হৈছে ইছলামত ৱাকফৰ ধৰ্মীয় পৱিত্ৰতা, ৱাকফ সম্পত্তি সংৰক্ষণৰ গুৰুত্ব, এই সম্পত্তিসমূহ কেৱল ধৰ্মীয় আৰু দানশীল উদ্দেশ্যৰ বাবেহে ব্যৱহাৰ হোৱাটো নিশ্চিত কৰা সন্দৰ্ভত জনসাধাৰণক অৱগত কৰা।

অংশগ্ৰহণকাৰীসকলে কয় যে ৱাকফ সম্পত্তিৰ উপাৰ্জন অজ্ঞ, নিৰক্ষৰ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল সম্প্ৰদায়ৰ সেৱাত, বিশেষকৈ অনাথ, বিধৱা, নিৰাশ্ৰয় ব্যক্তি, শাৰীৰিকভাৱে অক্ষম ব্যক্তি আৰু মুছলিম সম্প্ৰদায়ৰ উন্নয়নৰ বাবে শিক্ষা প্ৰতিষ্ঠান, চিকিৎসালয়, পেছাগত প্ৰশিক্ষণ কেন্দ্ৰ আৰু অন্যান্য কল্যাণমূলক প্ৰকল্পৰ স্থাপনৰ বাবে ব্যৱহাৰ কৰা উচিত। এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে, অসমৰ প্ৰতিটো জিলাত ৱাকফৰ বিষয়ত নিৰীক্ষণ, পৰামৰ্শ আৰু মোকৰ্দমাৰ বাবে অধিবক্তাসকলৰ এক আইনী দল গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়।

ইয়াৰ উপৰি, মুছলিম সম্প্ৰদায়ৰ উদ্বেগসমূহ তুলি ধৰি এখন স্মাৰকপত্ৰ ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰা হ’ব। এই স্মাৰকপত্ৰত ২০২৫ চনৰ ৱাকফ (সংশোধনী) আইন পুনৰ বিবেচনা আৰু প্ৰত্যাহাৰৰ আহ্বান জনোৱাৰ লগতে ধৰ্মীয় সম্প্ৰদায়ৰ সৈতে সামগ্ৰিক আলোচনাৰ পোষকতা কৰা হ’ব। বৃহত্তৰ গুৱাহাটী মুছলিম সমাজে অসমৰ জনসাধাৰণ আৰু বৃহত্তৰ সমাজৰ প্ৰতি শান্তি, ঐক্য, আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ আহ্বান জনায়। সভাই সমূহীয়াভাৱে আশা আৰু বিশ্বাস প্ৰকাশ কৰে যে ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে সাংবিধানিক মূল্যবোধৰ পোষকতা কৰি ২০২৫ চনৰ ৱাকফ (সংশোধনী) আইনখন ন্যায় আৰু সংখ্যালঘু অধিকাৰৰ স্বাৰ্থত বাতিল কৰিব৷