গুৱাহাটী,  ৯ জুনঃ বেজী আতংকক কেন্দ্ৰ কৰি হাইলাকান্দিৰ লালাত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত কৰ্মৰত ডাক্তৰ আৰু পেৰামেডিকেল কৰ্মচাৰীৰ এটা দলক দুষ্ট চক্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। দুষ্ট চক্ৰৰ আক্ৰমণত তিনিজন স্বাস্থ্য কৰ্মী গুৰুতৰ ভাবে আহত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে। আহত স্বাস্থ্য কৰ্মী তিনিজন ক্ৰমে ডাঃ এছ এম সিংহ, ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ আৰু নাৰ্চ পদ্মাৰাণী সিনহা৷ স্বাস্থ্যকর্মী দলটোৱে এখন বিদ্যালয়ত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষাৰ কাৰণে গৈছিল৷ স্বাস্থ্যকৰ্মী দলটোৱে স্বাস্থ্য পৰীক্ষাৰ কাৰণে যোৱা সময়ত সন্মুখীন হোৱা এই অমানৱীয় অত্যাচাৰৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে সদৌ অসম এন এইচ এম মেডিকেল আৰু পেৰামেডিকেল কৰ্মচাৰী সমন্বয় সমিতিয়ে। সংগঠনটোৰ ৰাজ্যিক সভাপতি ডাঃ শ্বেইখুল ইছলামে এক বিবৃতিত সমগ্ৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি দোষীক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী তুলিছে৷ সভাপতি গৰাকীয়ে লগতে উল্লেখ কৰে যে, স্বাস্থ্যকৰ্মী সকলে বিভিন্ন বাধা-বিঘিনি নেওচি গ্ৰামাঞ্চল-চৰাঞ্চল আদি দূৰ্গম ঠাইত নিজৰ জীৱনক বাজী লগাই সৰ্বতো প্ৰকাৰৰ সেৱা আগবঢ়াই আহিছে৷ এই স্বাস্থ্যকৰ্মী সকলে বহু অনাকাংঙ্খিত ঘটনাৰ সন্মুখীন হোৱাৰ পাছতো চৰকাৰ তথা প্ৰশাসনে আজিলৈ এওঁলোকৰ নিৰাপত্তা সুনিশ্চিত নকৰাতো অতি পৰিতাপৰ কথা৷ তদুপৰি  মিছন কৰ্মচাৰীৰ দৰমহাৰ ভিত্তিত এন এইচ এমৰ ডাক্তৰ, নাৰ্চ, লেব- টেকনিচিয়ান সকলৰ দৰমহা শেহতীয়া সপ্তম দৰমহা আয়োগৰ সময়তো একেবাৰে নগণ্য ৷ এই বিষয়ক চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো আজিলৈ স্বাস্থ্যকর্মী সকলে নিজৰ প্ৰাপ্য আদায় কৰাত ব্যৰ্থ হৈছে। শেষতীয়াকৈ লালাৰ ঘটনাই এন এইচ এমৰ কৰ্মৰত কৰ্মচাৰী সকলক অধিক আতংকিত আৰু চিন্তিত কৰিছে বুলি সমিতিয়ে দাবী কৰি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী উত্থাপন কৰিছে। লগতে এই ঘটনাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যতে এন এইচ এমৰ কর্মী  সকলে লালাৰ ঘটনাক ধিক্কাৰ দি ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। সমিতিয়ে এন এইচ এমৰ কৰ্মৰত কৰ্মচাৰী সকলৰ উপযুক্ত ন্যায়, কৰ্মচাৰীৰ ভবিষ্যত সুৰক্ষা আৰু উপযুক্ত সুবিধা শীঘ্ৰে প্ৰদান নকৰিলে অনাগত দিনত শক্তিশালী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে৷