চৰাইদেউ, ১১জুনঃ প্ৰশাসনে সামাজিক পৰিৱেশ বিনষ্টকাৰী তথা স্বাস্থ্য হানিকাৰক বিভিন্ন ধৰণৰ গুটখা জাতীয় সামগ্ৰী বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো চৰাইদেউত এই নিষেধাজ্ঞা কোনেও সুচাৰুৰূপে পালন কৰা পৰিলক্ষিত হোৱা নাই। জিলা প্ৰশাসনে বিহ হিচাপে পৰিগণিত গুটখা জাতীয় নিচাযুক্ত সামগ্ৰী বিক্ৰী আৰু ব্যৱহাৰত কেৱল নিষেধাজ্ঞা জাৰি কৰি নিজ দায়িত্ব সামৰিছে বুলি অভিযোগ উত্থাপন হৈছে।  নিষেধাজ্ঞাৰ ঘোষণা কৰাৰ পিছৰে পৰা অসাধু চক্ৰই গোপনে প্ৰতি পেকেটৰ বিনিময়ত অতিৰিক্ত মূল্য আদায় কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। বিশেষকৈ বৰহাট, বৰুৱানগৰ, সাপেখাতি, সোণাৰিকে আদি কৰি চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত মুকলিভাৱে এচাম অসাধু চক্ৰই বিদ্যালয়-মহাবিদ্যালয়ৰ সমীপতেই প্ৰশাসনৰ নিয়ম উলংঘা কৰি গুটখা বিক্ৰী কৰি আহিছে। দৈনিক সহস্ৰাধিক টকাৰ গুটকা বিক্ৰী হৈ থকা পৰিলক্ষিত হোৱাৰ পিছতো স্থানীয় প্ৰশাসনে ধ্ৰীতৰাষ্টৰ ভূমিকা পালন কৰা দৃষ্টিগোচৰ হৈছে। অভিভাৱকৰ লগতে স্থানীয় সচেতন ৰাইজে অচিৰেই জিলাখনত গুটখা বিক্ৰী বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ।