সৰভোগ, ১১ জুনঃ বৰপেটা জিলাৰ সৰভোগ বগুৰিগুৰীত এটা কাঠফলা মিল জব্দ কৰা হয়৷ প্ৰাপ্ত তথ্য অনুসৰি, ৫৪ নং এছ এছ বিয়ে অভিযান চলাই চোৰাং কাঠফলা মিলটো জব্দ কৰাৰ লগতে দুজন ব্যক্তিক কৰায়ত্ত কৰে। আটক কৰা ব্যক্তি দুজন ক্ৰমে পোৰাগাঁওৰ নিবাসী টাইজুদ্দিন আৰু ইউচুফ আলি। টাইজুদ্দিন আৰু ইউচুফ আলিয়ে জানিবলৈ দিয়া মতে মিলটোৰ মালিকে এছ এছ বি অহা গম পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। মিলটোৰ পৰা এছ এছ বিয়ে জেনেৰেটৰ, গছ, প্লেট আদি বিভিন্ন সঁজুলিৰ লগতে ভালে কেইটা মূল্যৱান কাঠৰ কুণ্ডা জব্দ কৰে৷ বৰ্তমান জব্দ কৰা সামগ্ৰীসমূহ বৰপেটাৰোডৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ত জমা ৰখা হৈছে।