গুৱাহাটী, ৩১ আগষ্ট, ২০২৩ : যাত্ৰীসকলৰ বাবে সুৰক্ষা (Passengers Safety) আৰু আৰাম অধিক বৃদ্ধি কৰাৰ অৰ্থে, ৰেল নং ১৫৬৩২-১৫৬৩১ গুৱাহাটী-বাৰমেৰ-গুৱাহাটী সাপ্তাহিক এক্সপ্ৰেছ ৰে’লখনৰ ডবাসমূহ আধুনিক এলএইচবি (লিংক হফমান বুচ) ডবালৈ ৰূপান্তৰিত কৰা হৈছে, যিসমূহ অত্যাধুনিক বৈশিষ্ট্যৰে সু-সজ্জিত। গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাই ৩১ আগষ্ট, ২০২৩ তাৰিখে গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা এলএইচবি ডবাৰ সৈতে ৰে’লখনৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানটোত মুখ্য কাৰ্যালয় আৰু মণ্ডলৰ জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নতুনকৈ ৰূপান্তৰিত এলএইচবি ৰেল নং ১৫৬৩২ গুৱাহাটী-বাৰমেৰ-গুৱাহাটী এক্সপ্ৰেছ প্ৰতি বৃহস্পতিবাৰে ১০:৪০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰিব। ৰে’লখনে গড় গতিবেগ প্ৰায় ৫০ কিলোমিটাৰ প্ৰতি ঘণ্টাত আৰু ৪৫ ঘণ্টাত ২৪৫৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। যাত্ৰা পথত, ৰে’লখন কামাখ্যা, নিউ বঙাইগাঁও জংচন, নিউ আলিপুৰদুৱাৰ জংচন, নিউ জলপাইগুড়ী জংচন, কাটিহাৰ জংচন, মোকামেহ, কানপুৰ চেণ্ট্ৰেল, আগ্ৰা ফৰ্ট, জয়পুৰ জংচন, ডেগানা জংচন, মেৰ্টা ৰোড, যোধপুৰ হৈ চলিব।

ৰে’লখনত ২২ টা এলএইচবি আৰ্হিৰ ডবা থাকিব, যাৰ ভিতৰত ২ খন পাৱাৰ কাৰৰ উপৰিও ১ টা এচি ২ টায়াৰ, ৫ টা এচি ৩ টায়াৰ, ১২ টা শ্লীপাৰ শ্ৰেণী, ১ টা দ্বিতীয় শ্ৰেণীৰ ডবা আৰু ১ খন পেণ্ট্ৰী কাৰ থাকিব। উল্লেখ্য যে এলএইচবি ডবাসমূহ সুৰক্ষাৰ দিশৰ পৰাও এক অসুবিধাবিহীন যাত্ৰাৰ বাবে বৰ্ধিত যাত্ৰীৰ সুবিধাসমূহৰ সৈতে অধিক আহল বহল আৰু আৰামদায়ক হোৱাৰ সুবিধা আছে। হাইড্ৰলিক শ্বক এবজৰ্বাৰ আৰু এলএইচবি ডবাৰ উন্নত চাচপেনশ্বন প্ৰণালীয়ে পৰম্পৰাগত ৰেকৰ তুলনাত যাত্ৰীসকলৰ বাবে অধিক ৰে’ল ভ্ৰমণৰ আৰাম নিশ্চিত কৰে।

প্ৰতিটো ডবাত “মডিউলাৰ ইণ্টিৰিয়ৰ” আছে যি চিলিং, লাগেজ ৰেক আৰু বহল খিৰিকীত পোহৰ একত্ৰিত কৰে। সকলো এলএইচবি ডবাত কন্ট্ৰোলড্ ডিচচাৰ্জ বাথৰুম চিষ্টেম আৰু বায়ো-টয়লেট আছে, যিসমূহ আইচিএফ ডবাৰ তুলনাত পৰিৱেশ অনুকূল। ভাৰতীয় ৰে’লৱেই উত্তৰ-পূৰ্ব্বাঞ্চলৰ লোকসকলক অধিক সুৰক্ষিত, দ্ৰুত আৰু অধিক আৰামদায়ক ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰাৰ অৰ্থে নিৰন্তৰ চেষ্টা কৰি আহিছে আৰু গুৱাহাটী-বাৰমেৰ-গুৱাহাটী এক্সপ্ৰেছক আধুনিক এলএইচবি ডবালৈ ৰূপান্তৰ কৰাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব।