গুৱাহাটী, ১ ছেপ্টেম্বৰ, ২০২৩ :  জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে ভাৰতীয় ৰে’লৱেই বিশ্বৰ সৰ্ববৃহৎ “সেউজ ৰেলৱে” হোৱাৰ দিশত মিছন মোডত কাম কৰি আছে। সম্পূৰ্ণ বৈদ্যুতিকৰণৰ (Electrification) প্ৰচেষ্টাত, উত্তৰ পূব সীমান্ত ৰে’লৱেই ১৭৮৮.৫৮৪ আৰ.কে.এম. (ৰুট কিলোমিটাৰ) বৈদ্যুতিকৰণ সম্পন্ন কৰিছে যিটো সম্পূৰ্ণ শূন্য কাৰ্বন নিৰ্গমন প্ৰাপ্ত কৰাৰ লক্ষ্যৰ অংশ হিচাপে নেটৱৰ্কৰ মুঠ ৪৩৪৮ আৰকেএমৰ ৪১.১৩%। এই সংমণ্ডলে ডিচেম্বৰ, ২০২৩ ৰ ভিতৰত ইয়াৰ সমগ্ৰ ৰুট কিলোমিটাৰ বৈদ্যুতিকৰণ কৰাৰ পৰিকল্পনা কৰিছে। 

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত, মুঠ ২৯৭৫.২৩ কিলোমিটাৰ ৰে’ল পথৰ বৈদ্যুতিকৰণ কৰিব লাগিব। উত্তৰ-পূৰ্ব্বাঞ্চলত সম্পূৰ্ণ বৈদ্যুতিকৰণ কৰা ৰে’লপথসমূহৰ ভিতৰত অসমত ৭৪৮.৪০৯ কিলোমিটাৰ আৰু মেঘালয়ৰ ৯.৫৮ কিলোমিটাৰ ইতিমধ্যে বৈদ্যুতিকৰণ কৰা হৈছে। মেঘালয়ে ১৫ মাৰ্চ, ২০২৩ তাৰিখে প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ৰে’ল লাভ কৰে। তদুপৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অধীনত বিহাৰত ২৮৫.৮৬৯ কিলোমিটাৰ আৰু পশ্চিম বংগত ৭৪৪.৭২৬ কিলোমিটাৰ ইতিমধ্যে বৈদ্যুতিকৰণ কৰা হৈছে।

বৈদ্যুতিকৰণৰ কাম অধিক দ্ৰুত কৰাৰ বাবে, ইণ্ডিয়ান ৰে’লৱে কনষ্ট্ৰাকচন ইণ্টাৰনেচনেল লিমিটেড (ইৰকন), ৰে’ল ইণ্ডিয়া টেকনিকেল এণ্ড ইকোনোমিক ছাৰ্ভিচ(ৰাইটছ), উত্তৰ পূব সীমান্ত ৰে’লৱে/নিৰ্মাণ আৰু কেন্দ্ৰীয় ৰে’লৱে বৈদ্যুতিকৰণ সংস্থাই (ক’ৰ) উত্তৰ পূব সীমান্ত ৰে’লৱেত পৰ্যায়ক্ৰমে বৈদ্যুতিকৰণৰ কাম সম্পন্ন কৰি আহিছে। কিছুমান মুখ্য খণ্ডৰ ভিতৰত আছে আলিপুৰদুৱাৰ মণ্ডলৰ নিউ কোচবিহাৰ-গোলকগঞ্জ-ধুবুৰী (৭৮ আৰকেএম); তিনিচুকীয়া মণ্ডলৰ শিমলুগুড়ী-ডিব্ৰুগড় (৯৭ আৰকেএম); লামডিং মণ্ডলৰ কাটাখাল-ভৈৰৱী (৮৪ আৰকেএম); কাটিহাৰ মণ্ডলৰ ৰাণীনগৰ-জলপাইগুড়ী-হলদিবাৰী (৩১ আৰকেএম) আৰু ৰঙিয়া মণ্ডলৰ হেলেম-হাৰমতী-নাহৰলগুন (৭৯ আৰকেএম)।

বৈদ্যুতিকৰণে উত্তৰ পূব সীমান্ত ৰে’লৱেত ৰে’লৰ গতিশীলতা যথেষ্ট উন্নত কৰিব আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহত ৰে’ল নেটৱৰ্ক শক্তিশালী কৰিব। প্ৰদূষণ হ্ৰাস কৰাৰ উপৰিও, জীৱাশ্ম ইন্ধনৰ পৰা বিদ্যুতলৈ পৰিৱৰ্তনৰ ফলত ৰে’লৱেৰ বিত্তীয় প্ৰদৰ্শনো উন্নত হ’ব। ইয়াৰ ফলত নিৰৱচ্ছিন্ন ৰে’ল পৰিবহনক সুগম কৰি তুলিব আৰু ৰে’লৰ গড় গতি বৃদ্ধি পাব যাৰ পৰিণামস্বৰূপে ৰে’লৰ চলাচলৰ ক্ষেত্ৰত সময়ানুৱৰ্তিতা বজাই ৰখা সম্ভৱ হ’ব।