সোণতলী, ২৫ জুলাইঃ কামৰূপ জিলাৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত শিঙিমাৰীত যোৱানিশা সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডত সমগ্ৰ গৰৈমাৰীত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণী মতে, হাতীপাৰা গাঁও পঞ্চায়তৰ শিঙিমাৰী গাঁৱৰ আব্দুল মালেকে (৫৫) নিশা প্ৰায় ১১-৪৫ত পত্নী বেলভানু বেগমক (৫০) চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰি পলায়ন কৰে৷ আব্দুলৰ ল’ৰা-ছোৱালীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ বেলভানু বেগমৰ তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি গৰৈমাৰী আৰক্ষীক অৱগত কৰে৷ গৰৈমাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো আৰক্ষী চকীলৈ আনে৷ ঘটনা সন্দৰ্ভত হত্যাকাৰী আব্দুল মালেকৰ জ্যেষ্ঠ পুত্ৰ মহিদুল আলীয়ে গৰৈমাৰী আৰক্ষী চকীত পিতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ পুৱা দণ্ডাধীশ দ্বীপ্তি মৰাঙৰ উপস্থিতিত বেলভানু বেগমক মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয়৷ স্থানীয় লোকে সদৰি কৰা অনুসৰি, আব্দুল মালেকে গাঞ্জা সেৱন কৰি প্ৰায়েই পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল৷ পুত্ৰৰ সৈতেও প্ৰায়ে মালেকৰ কাজিয়া হৈছিল৷ যোৱা নিশা পতি-পত্নীৰ কাজিয়াই চূড়ান্ত ৰূপ লোৱা বাবেই মালেকে পত্নীক দাৰে ঘপিয়াই হত্যা কৰি পলায়ন কৰে৷ গৰৈমাৰী আৰক্ষীয়ে মালেকক বিচাৰি অভিযান অব্যাহত ৰাখিছে৷