গুৱাহাটী, সংবাদ ৩৬৫, ৩ জুলাই : শিশুৰ জন্মগত হৃদ-সমস্যাসমূহৰ ভিতৰত অন্যতম এক সমস্যা হ’ল হৃৎপিণ্ডৰ ফুটা। অপেন হাৰ্ট ছাৰ্জাৰীৰ জড়িয়তে এই সমস্যা নিৰাময় কৰা হয়। হায়াত হাস্পতালত এটি ১৬ মহীয়া শিশুৰ হৃৎপিণ্ডৰ দুটাকৈ ফুটাৰ সফল শল্য চিকিৎসা সম্পন্ন কৰাৰ প্ৰসংগত হাস্পতালখনৰ জ্যেষ্ঠ হৃদ-শল্য ৰোগ বিশেষজ্ঞ ডাঃ সূৰজ কুমাৰ প্ৰধানে আজি এক সংবাদমেল সম্বোধন কৰি এইদৰে কয়।

এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰি ডাঃ প্ৰধানে কয় যে প্ৰতি এহেজাৰ নৱজাতকৰ ৮ জনেই এই সমস্যাত ভোগে। ভাৰতৰ কেৰালাত ইয়াৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক। তেওঁ আৰু কয় যে ১৬ মহীয়া শিশুৰ হৃৎপিণ্ডৰ দুটাকৈ ফুটাৰ সফল অস্ত্ৰোপচাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এয়াই প্ৰথম। হায়াত হাস্পতালৰ অত্যাধুনিক প্ৰযুক্তি আৰ উন্নত আন্তগাঁথনিৰ বাবে এই অস্ত্ৰোপচাৰ অনায়াসে সম্ভৱ হৈছে।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে জন্মগত এই সমস্যাৰ লক্ষণসমূহ হ’ল শিশুৰ ওজন স্বাভাৱিক হাৰত বৃদ্ধি নোপোৱা, নিউমোনিয়াত আক্ৰান্ত হোৱা, ঘনাই উশাহ-নিশাহ লোৱা, শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ ইত্যাদি। আন এক তাৎপৰ্যপূৰ্ণ পূৰ্ণ মন্তব্য কৰি অভিজ্ঞ চিকিৎসক জনে কয় যে তেজৰ সম্পৰ্ক থকা জনৰ সৈতে বৈবাহিক সম্পৰ্ক স্হাপন কৰা পিতৃ-মাতৃৰ সন্তানৰ ক্ষেত্ৰত হৃৎপিণ্ডৰ ফুটাৰ সমস্যা আটাইতকৈ বেছি দেখা যায়।

আনহাতে হায়াত হাস্পতালৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই প্ৰকাশ কৰে যে এনে সমস্যাৰ সমাধানৰ বাবে আমাৰ অভিভাৱকসকলে সাধাৰণতে ৰাজ্যৰ বাহিৰলৈ যায়। কিন্তু ডাঃ প্ৰধানে এই অস্ত্ৰোপচাৰৰ জৰিয়তে অভিভাৱকসকলৰ আশংকা বহু পৰিমাণে দূৰ কৰিলে। এতিয়াৰে পৰা ইয়াতেই শিশুৰ হৃদযন্ত্ৰৰ ফুটাৰ সমস্যা নিৰাময় কৰা সম্ভৱ।

উল্লেখ্য যে সংবাদমেলত মাজুলী নিবাসী শিশুটিৰ পিতৃ-মাতৃও উপস্থিত থাকি ডাঃ সূৰজ কুমাৰ প্ৰধানৰ শলাগ লয়। সংবাদ মেলত হায়াত হাস্পতালৰ সঞ্চালক অয়স্কান্ত চক্ৰৱৰ্তী আৰু অধীক্ষক ডাঃ নাছিমুৰ ৰিয়াজ উপস্থিত থাকে।