পলাশবাৰী, সংবাদ ৩৬৫, ২০ জুলাই : গ্ৰীস্ম বন্ধৰ কালচোৱা শিশুসকলক অন্য ঠাই ভ্ৰমন কৰোৱাৰ লগতে শিশুসকলক কিছু শিক্ষাৰ পোহৰও দিব লাগে । বিভিন্ন ঠাইত গ্ৰীস্মকালীন পাঠদান তথা গীস্মৰ বন্ধচোৱা বিভিন্ন সংগঠনৰ উদ্যোগত বিভিন্ন ঠাইত গ্ৰীস্মকালীন কৰ্মশালা আয়োজন কৰা হৈছিল ।

দক্ষিণ কামৰূপৰ ৰামপুৰতো ‘অৰিয়েল গ্ৰুপ’ৰ উদ্যোগত আৰু ‘ৰদ কাঁচিয়লিৰ’ সহযোগত আয়োজিত কৰা হৈছিল গ্ৰীস্মকালীন কৰ্মশালা । এই কৰ্মশালাত শিশুসকলোক দিয়া হৈছিল হস্তশিল্পৰ প্ৰশিক্ষণ । বিভিন্ন বাহঁ-বেটৰ সামগ্ৰী,কাগজৰ সামগ্ৰী,চোলাত ৰং দিয়া,ছবি অংকন কৰা আদিবোৰৰ প্ৰশিক্ষণ দিয়া হৈছিল এই কৰ্মশালাত । বিদ্যালয়ৰ পৰা দিয়া গ্ৰীস্ম বন্ধৰ কালচোৱাত এনেদৰে অন্য ঠাই পৰিভ্ৰমন নকৰি হস্তশিল্পৰ প্ৰশিক্ষণ ল’বলৈ অঞ্চলটোৰ ৮০গৰাকীতকৈও অধিক শিশুসকলে এই কৰ্মশালাত অংশগ্ৰহন কৰে ।

শনিবাৰে এই গ্ৰীস্মকালীন কৰ্মশালাৰ অন্ত পৰে যদিও সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজ হাতেৰে বনাই প্ৰস্তুত কৰা সামগ্ৰীসমুহৰ এখন প্ৰদৰ্শনী দেখুওৱা হয় । এই প্ৰদৰ্শনীত অংশগ্ৰহন কৰে পলাশবাৰী চক্ৰ বিষয়া সুসপ্না কাকতি, বিশিষ্ট সমাজকৰ্মী পংকজলোচন গোস্বামী । আজি এই প্ৰদৰ্শনীত শিশুসকলোৰ প্ৰতিভাসমুহ দেখি আপ্লুত হৈ পৰে চক্ৰ বিষয়া ।