গুৱাহাটী, সংবাদ ৩৬৫, ২০ জুলাই : গুৱাহাটী ৰেল আৰক্ষীয়ে জব্দ কৰে ৪৬০ পেকেট বিদেশী চিগাৰেটৰ লগতে ৰঙ্গস্বামী পনীৰ ছালভেম নামৰ এজন লোকক । লোকজনৰ বয়স ৫৬ বছৰ ।বাংগালোৰু এক্সপ্ৰেছৰ পৰা ৰেল আৰক্ষীয়ে জব্দ কৰে বিদেশী চিগাৰেটখিনি।

ৰেলৱে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি লোকজনৰ ঘৰ তামিলনাডুৰ গান্ধী নগৰত । কোৰিয়াত নিৰ্মিত ৪৬০ পেকেটৰ চিগাৰেটত মুঠ ৯২০০০ চিগাৰেট আছে ।

কোৰিয়াত নিৰ্মিত চিগাৰেট খিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৫ লাখ টকা। শনিবাৰে পুৱা প্ৰায় ৭ মান বজাত ৰেইলৱে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বিদেশী চিগাৰেট সহ লোকজনক।

আৰক্ষীৰ জেৰাত লোকজনে ডিমাপুৰৰ পৰা চিগাৰেট খিনি ১ লাখ টকাত আনি হাওৰাত প্ৰায় ৫ লাখ টকাত বিক্ৰী কৰাৰ কথা আছিল বুলি স্বীকাৰ কৰে ।